ওদালগুৰিত বিপিএফৰ বিজয়ী উৎসৱ উদযাপন

সদ্যসমাপ্ত বিটিআৰ নিৰ্বাচনত বৃহৎ জয়েৰে একক সংখ্যাগৰিষ্ঠ দল হিচাপে অকলে চৰকাৰ গঠন কৰিছে বিপিএফে। ওদালগুৰি জিলাৰ ওদালগুৰি মহকুমাৰ পাঁচখন আসনৰ ভিতৰত পাঁচোখন আসন দখল কৰিছে বিপিএফে

author-image
Asomiya Pratidin
New Update
89

ডিজিটেল সংবাদ, ওদালগুৰি : সদ্যসমাপ্ত বিটিআৰ নিৰ্বাচনত বৃহৎ জয়েৰে একক সংখ্যাগৰিষ্ঠ দল হিচাপে অকলে চৰকাৰ গঠন কৰিছে বিপিএফে। ওদালগুৰি জিলাৰ ওদালগুৰি মহকুমাৰ পাঁচখন আসনৰ ভিতৰত পাঁচোখন আসন দখল কৰিছে বিপিএফে।

কেৱল এয়াই নহয় মহকুমাটোৰ ৰৌতা সমষ্টিৰ এমচিএলএ তথা বিধায়ক চৰণ বড়োৱে কেৱিনেট মন্ত্ৰী, ভৈৰৱকুণ্ড সমষ্টিৰ এমচিএলএ ৰিহন দৈমাৰীয়ে উপমুখ্য কাৰ্যবাহী সদস্য, হৰিশিঙা সমষ্টিৰ এমচিএলএ ত্ৰিদীপ দৈমাৰীয়ে বিটিচিৰ অধ্যক্ষৰ লগতে ধনশ্ৰী সমষ্টিৰ প্ৰাৰ্থী ফ্ৰেছ মুছাহাৰীয়ে লাভ কৰিলে কাৰ্যবাহী সদস্যৰ দৰে গুৰুত্বপূৰ্ণ পদ। ইয়াৰ পাছতে বৃহস্পতিবাৰে ওদালগুৰিত বিপিএফে অনুষ্ঠিত কৰে বিজয় উৎসৱ।

ওদালগুৰি ষ্টেডিয়াম প্ৰাঙ্গণত অনুষ্ঠিত এই বিজয় উৎসৱত উপস্থিত থাকি বিটিচিৰ মূখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে কয়, অহা নৱেম্বৰ মাহত অসম চৰকাৰে বিটিচি চলাবলৈ আমাক টকা দিব। কিন্তু আমি বিটিচি চৰকাৰ গঠন কৰাৰ পিছত বিটিচিৰ বিষয়াসকলৰ সৈতে কথা পাতি গম পালো যে বিটিচি চৰকাৰৰ ঘৰতো কিছু টকা আছে।

সেই টকা আমি ব্যৱহাৰ কৰি আছো। খোৱাৰ ধান্ধা থাকিলে পইচা ব্যৱহাৰ কৰিব পাৰিব নেকি? এইবোৰ নিজৰ টকা বুলি ভাবি আছিল। টকাসমূহ ৰাইজৰ উন্নয়ণৰ বাবে মুকলি কৰি দিব লাগিছিল।

ৰাইজৰ কাম কৰিবলৈ টকা দিছে যিহেতু ৰাইজৰ কাম কৰিব লাগে। গতিকে প্ৰমোদ বড়োক ধন্যবাদ দিছো যে গোটেই পইচা ব্যৱহাৰ কৰিব পৰা নাই। গতিকে আমি ৰাইজক যি ধৰণে কৈছো তেনেদৰে কাম কৰি যাম ৰাইজে চিন্তা কৰিব নালাগে।

ইফালে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মহিলাৰীয়ে কয়, বিপিএফৰ উদ্যোগত ওদালগুৰিত বিজয় উৎসৱ অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। ইউপিপিএল এনডিএৰ ভিতৰত থাকে বাহিৰত থাকে সেইটো সিহতৰ কথা।

এবছু মানে ইউপিপিএল, ইউপিপিএল মানেই এবছু। এবছু বা ইউপিপিএলে আন্দোলন কৰাটো আমাৰ বাবে নতুন কথা নহয়। এতিয়া চৰকাৰ নাই, কি কৰি থাকিব গতিকে আন্দোলন আন্দোলন কৰি আছে। ইউপিপিএল ৰাষ্ট্ৰীয় দল নহয় আন্তৰাষ্ট্ৰীয় দল হব লাগে।

ইতিকিং সুৰেৰে ইউপিপিএল দল ৰাছিয়াত জন্ম হোৱা বুলি হাগ্ৰামাই কটাক্ষ কৰে। আজিৰ এই অনুষ্ঠানত মন্ত্ৰী চৰণ বড়ো, বিটিচিৰ উপমূখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰী, অধ্যক্ষ ত্ৰিদীপ দৈমাৰী, ইএম ফ্ৰেছ মুছাহাৰীকে ধৰি কেইবাগৰাকীও এমচিএলএ উপস্থিত থাকে। সন্ধিয়াৰ ভাগত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয় ষ্টেডিয়াম চৌহদত।

বিপিএফ