ওদালগুৰিত বিপিএফৰ বিশাল দিছপুৰ চলো যাত্ৰা

"প্ৰমোদ বড়োৱে কেৱল নিজৰ গাদীকে চিনি পায়, কেৱল নিজক লৈয়ে ব্যস্ত থাকে। নিজৰ গাদীৰ বাহিৰে একো চিনি নাপায়। দ্বিপেন বড়ো যদি বিপিএফলৈ আহে মই মাতিম"- এই মন্তব্য বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ।

author-image
Asomiya Pratidin
New Update
ap web hagrama

ডিজিটেল সংবাদ, ওদালগুৰি : "প্ৰমোদ বড়োৱে কেৱল নিজৰ গাদীকে চিনি পায়, কেৱল নিজক লৈয়ে ব্যস্ত থাকে। নিজৰ গাদীৰ বাহিৰে একো চিনি নাপায়। দ্বিপেন বড়ো যদি বিপিএফলৈ আহে মই মাতিম"- এই মন্তব্য বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ।

সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচন বাবে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে দলীয় প্ৰচাৰ। পিছ পৰি ৰোৱা নাই বিটিচিৰ শাশকীয় দল বিপিএফ।

শনিবাৰে ওদালগুৰি জিলা বিপিএফৰ উদ্যোগত ওদালগুৰি গোলমাচ'কৰ পৰা চহৰখনৰ নলবাৰী খেলপথাৰলৈ উলিওৱা হয় বিশাল দিছপুৰ চলো সমদল। দিনৰ প্ৰায় ১১-০০ বজাৰ পৰা উলিওৱা সমদলত অংশগ্ৰহণ কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে। সমদলৰ অন্তত খেলপথাৰখনত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মহিলাৰীয়ে বিটিচিত বিপিএফ দলে গ্ৰহণ কৰা আচনিৰ লগতে আগন্তুক দিনবোৰত বিটিচি চৰকাৰে কৰিবলগীয়া উন্নয়ণমূলক কাম তথা আচনিৰ কথা উল্লেখ কৰে।

WhatsApp Image 2026-03-07 at 6.19.22 PM

এই সভাত বিফিএফ দলত যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত যোগদান কাৰ্যসুচীত ওদালগুৰি জিলা বিজেপিৰ প্ৰাক্তন সভাপতি সুনীল কুমাৰ বসুমতাৰী, প্ৰমোদ বড়োৰ প্ৰাক্তন অ'এছডি ৰাজু ঢাকাল, প্ৰাক্তন এনডিএফবি নেতা ধীৰেণ বড়োৰ লগতে কেইৱাগৰাকীও লোকে বিপিএফ দলত যোগদান কৰে।

ইয়াৰ পাছত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত হাগ্ৰামা মহিলাৰীয়ে কয়, আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়ে আমি সমগ্ৰ বিটিচি অঞ্চলত দিছপুৰ চলো কাৰ্যসূচী হাতত লৈছো। আজি ওদালগুৰিত অনুষ্ঠিত এই কাৰ্যসূচী সফল হৈছো। এই সমদলত প্ৰতিটো জাতি-জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰিছে। ওদালগুৰি মহকুমাৰ দুটাকৈ বিধানসভা সমষ্টিতে আমাৰ জয় নিশ্চিত। এই সমদলৰ মূল উদ্দেশ্য হৈছে শান্তি, উন্নয়ণ আৰু একতা বজাই ৰখা।

ওদালগুৰিত বহুত উন্নয়ণমূলক কাম হৈছে আৰু আগন্তুক দিনবোৰতো হবলৈ গৈ আছে। আমি যিহেতু এনডিএৰ সৈতে আছো, গতিকে এনডিএ হিচাপে বিটিচিৰ ১৫ খন আসনতেই আমি জয় হোৱা লক্ষ্য। নিৰ্বাচনী দিন ঘোষণাৰ পিছতেই আমি প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিম। ইফালে প্ৰমোদ বড়োক সমলোচনা কৰি হাগ্ৰামাই কয়, প্ৰমোদ বড়ো এতিয়াও এন‌ডিএত আছে। কিন্তু তেওঁ নিজৰ গাদীৰ বাহিৰে একো চিনি নাপায়।

WhatsApp Image 2026-03-07 at 6.19.22 PM (1)

নিজে দলৰ সভাপতি হৈয়ো জিলাসমূহত কি হৈ আছে ক'ব নাজানে। কেৱল নিজক লৈয়েই ব্যস্ত। বিটিচি নিৰ্বাচনৰ পূৰ্ৱে মই বিপিএফ-ইউপিপিএল মিত্ৰতাৰ কথা কৈছিলো। লাগিলে ২০ টাকৈ সমষ্টি ভগাই খেলাৰ আহ্বান জনাইছিলো। এবছু সভাপতি দ্বিপেন বড়োৱে মোৰ সৈতে প্ৰমোদ বড়োক আলোচনা কৰা কৰোৱা কথা আছিল। কিন্তু কি হ'ল? এবছু সভাপতি দ্বিপেন বড়োক ৰাজনৈতিক ক্ষেত্ৰখনত আদৰণি জনাই হাগ্ৰামাই কয়, তেখেতে ৰাজনীতি খেলক। এবছুৰ নেতাইও ৰাজনীতি কৰিব পাৰে।

তেওঁ আৰু কয়- দ্বিপেন বড়ো যদি বিপিএফলৈ আহে মই মাতিম। আমাৰো মান সন্মান আছে। মই মতাৰ পিছত যদি নাহে? এয়া মান সন্মানৰ কথা। আজিৰ এই কাৰ্যসূচীত মন্ত্ৰী চৰণ বড়ো, বিটিচিৰ উপমূখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰী, ইএম ফ্ৰেছ মোছাহাৰী, এমচিএলএ শ্যামচুণ্ডীকে ধৰি বহু বিপিএফ নেতা উপস্থিত থাকে।

বিপিএফ