নিষিদ্ধ ড্ৰাগছৰ ৰম্যভূমিত পৰিণত ডবকা

নিষিদ্ধ ড্ৰাগছৰ ৰম্যভূমিত পৰিণত হৈছে ডবকা অঞ্চল ৷ মঙলবাৰে নিশা পুনৰ দুই যুৱকক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে

author-image
Asomiya Pratidin
New Update
480

ডিজিটেল সংবাদ,ডবকা : নিষিদ্ধ ড্ৰাগছৰ ৰম্যভূমিত পৰিণত হৈছে ডবকা অঞ্চল ৷ মঙলবাৰে নিশা পুনৰ দুই যুৱকক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷  

কাৰ্বি আংলঙৰ পৰা ডবকা অভিমুখে আহি থকা অৱস্থাত ৩৬ নং ৰাষ্ট্ৰীয়পথৰ ডবকা শালবাগানত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰে যুৱক দুজন ৷ আটক হোৱা যুৱক দুজন ক্ৰমে সাৰপাংগ্ৰি তাৰো আৰু হেমফু তাৰো বুলি জানিব পৰা গৈছে ৷

দুয়োৰে ঘৰ কাৰ্বি আংলং জিলাৰ ডকমকাত ৷ আটকাধীন যুৱক দুজনৰ পৰা ১২ গ্ৰাম নিষিদ্ধ ড্ৰাগছ আৰু এএছ০২কিউ ৭৪১৬ নম্বৰত গ্ৰেণ্ড আইটেন বাহন জব্দ কৰি সোধা পোছাৰ অন্তত ২৪৭/২০২৫ নং গোচৰ পঞ্জীয়ন কৰি হোজাই শ্ৰীমন্ত শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷

উল্লেখযোগ্য যে ডবকা অঞ্চলত দিনক -দিনে ড্ৰাগছ ব্যৱসায়ী আৰু ড্ৰাগছ আসক্ত যুৱকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পোৱাত সচেতন ৰাইজে উদ্বেগ প্ৰকাশ কৰে ৷

ডবকা