/asomiyapratidin/media/media_files/2025/09/02/new-ap-web-2-2-2025-09-02-21-32-29.jpg)
ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ পুনৰ মাৰ্ঘেৰিটাত অবৈধ ৰেট হ'ল মাইনিং চলি থকা অৱস্থাত দুজন শ্ৰমিকৰ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে। মাৰ্ঘেৰিটা আৰক্ষী চকীৰ অন্তৰ্গত বৰগোলাইত সোমবাৰে কয়লা সংগ্ৰহ কৰিবলৈ গৈ দুজন লোকৰ মৃত্যু হয়। মৃত শ্ৰমিক এজনৰ নাম সুনীল ৰয় বুলি চিনাক্ত হোৱাৰ লগতে আনজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।
ইফালে, এই ঘটনাক লৈ মঙলবাৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ এক্স হেণ্ডলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, চাৰ্কী ওৰফে জিগ জাগ, ইন্দ্ৰে তামাং আৰু জনৈক মামা নামৰ চোৰাং ব্যৱসায়ীয়ে শ্ৰমিক নিয়োগ কৰি এই বেহা চলাইছে। চৰকাৰী পৃষ্ঠপোষক আৰু আৰক্ষীৰ ছত্ৰছায়াতেই এই অবৈধ বেহা দিনক দিনে বাঢ়ি গৈছে বুলি তেওঁ লগতে অভিযোগ উত্থাপন কৰে। লগতে একাংশ সংবাদমাধ্যমেও সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা চলাইছে বুলিও সাংসদগৰাকীয়ে মন্তব্য কৰে।
আনহাতে, সাংসদ বৰদলৈয়ে শ্ৰমিক দুজনৰ মৃত্যুক লৈ দোষীসকলৰ বিৰুদ্ধে ‘শ্ব মট’ কেচ লবলৈও আৰক্ষীক আহ্বান জনায়। এই অভিযোগৰ পাছতেই মাৰ্ঘেৰিটা আৰক্ষীয়ে কয়লা চোৰাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে বুলি বিশেষ সূত্ৰই মত প্ৰকাশ কৰিছে। অৱশ্যে বৰ্তমানো পলাতক মূল অভিযুক্তসকল।
ইফালে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি পাপু দত্তই সদৰি কৰে যে, “মাৰ্ঘেৰিটাত কয়লাৰ খনন বন্ধ থকাৰ পাছতো নামদাং, বৰগোলাই আদি ঠাইত কেনেকৈ অবৈধ খনন চলি আছে—এই প্ৰশ্নৰ উত্তৰ প্ৰশাসনে দিব লাগিব। মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ নেতৃত্বতেই পাটকাই পাহাৰ ধ্বংস কৰি চোৰাং কয়লা খনন চলি আছে” বুলি তেওঁ লগতে উল্লেখ কৰে।
তেওঁ শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে, দোষীসকলৰ বিৰুদ্ধে কঠোৰ আইনগত পদক্ষেপ গ্ৰহণৰ দাবী উত্থাপন কৰে। এই অবৈধ খনন বন্ধ নকৰিলে ৰাইজৰ সহযোগত তীব্ৰ গণআন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে নেতাগৰাকীয়ে।