ডিটেনচন কেম্পত থকা দুয়োগৰাকী মহিলাক দেশৰ পৰা বহিষ্কাৰৰ নিৰ্দেশ

বৰ্তমান গোৱালপাৰাৰ ডিটেনশ্বন কেম্পত থকা বিদেশী মহিলা দুগৰাকীক অসম তথা ভাৰতৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে। বিশ্বনাথ জিলা আয়ুক্তই শনিবাৰে জাৰি কৰিছে এই নিৰ্দেশ 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-21 at 5.09.23 PM

ডিজিটেল সংবাদ, গহপুৰঃ বিশ্বনাথ জিলাৰ দুগৰাকী মহিলাক বিদেশী ঘোষণা কৰা হৈছে ৷ ইয়াৰে এগৰাকী মহিলা হৈছে হেলেম আৰক্ষী থানাৰ অন্তৰ্গত মিছামাৰীৰ আচমুল খাটুন ওৰফে আচমল বেগম। তেওঁ ৰুজিদ আলীৰ জীয়াৰী আৰু আয়ুফ আলীৰ পত্নী বুলি জানিব পৰা গৈছে। আনহাতে, আন গৰাকী মহিলা হৈছে চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত বকৰাপট্টাৰ আফুজা বেগম ওৰফে আৰফুজা বেগম। মহিলাগৰাকী ডলে মামুদৰ জীয়াৰী আৰু জাবেদ আলীৰ পত্নী বুলি জানিব পৰা গৈছে।

WhatsApp Image 2025-12-21 at 5.04.16 PM

বৰ্তমান গোৱালপাৰাৰ ডিটেনশ্বন কেম্পত থকা বিদেশী মহিলা দুগৰাকীক অসম তথা ভাৰতৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে। বিশ্বনাথ জিলা আয়ুক্তই শনিবাৰে জাৰি কৰিছে এই নিৰ্দেশ।

উল্লেখযোগ্য যে, বিশ্বনাথ জিলাৰ অন্তৰ্গত সংশ্লিষ্ট এফ টি কৰ্টে তেওঁলোকক বিদেশী বুলি নিশ্চিত কৰাৰ পিছত দুয়োকে গোৱালপাৰাৰ ডিটেনছন কেম্পত ৰখা হয়।জিলা আয়ুক্তৰ নিৰ্দেশনাটোত কোৱা হয় যে, তেওঁলোকৰ উপস্থিতি সাধাৰণ জনতাৰ স্বাৰ্থৰ বাবে আৰু লগতে ৰাজ্যৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবেও ক্ষতিকাৰক। এই নিৰ্দেশ পোৱাৰ ২৪ ঘণ্টাৰ ভিতৰত ধুবুৰী, শ্ৰীভূমি, দক্ষিণ-শালমাৰা, মানকাচাৰ পথেৰে ভাৰতৰ অসম ভূখণ্ডৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশনাটোত কোৱা হৈছে।

গহপুৰ বিশ্বনাথ বিশ্বনাথ জিলা আয়ুক্ত