দম্পত্তিৰ বিৰুদ্ধে পোহৰলৈ আহিছে দুখন ৰাজ্যত পৃথক ভোটাৰ কাৰ্ড ব্যৱহাৰ ভয়ংকৰ তথ্য

নিৰ্বাচন আয়োগক ফাঁকি দি দুখনকৈ ৰাজ্যত দুখন পৃথক ভোটাৰ কাৰ্ড ব্যৱহাৰ কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে দম্পত্তিৰ বিৰুদ্ধে।

author-image
Asomiya Pratidin
New Update
new ap web 1 (12)

ডিজিটেল সংবাদ, মানকাচৰঃ মানুহ এজন, কিন্তু ভোটাৰ কাৰ্ড ব্যৱহাৰ কৰে দুখন ৰাজ্যৰ। নিৰ্বাচন আয়োগক ফাঁকি দি দুখনকৈ ৰাজ্যত দুখন পৃথক ভোটাৰ কাৰ্ড ব্যৱহাৰ কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে দম্পত্তিৰ বিৰুদ্ধে। সমগ্ৰ বিষয় সন্দৰ্ভত নিৰ্বাচন আয়োগক লিখিত অভিযোগ BLOৰ।

এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মহেন্দ্ৰগঞ্জ সমষ্টিত। ৫৪ নং মহেন্দ্ৰগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪৩ নং ভোটগ্ৰহণ কেন্দ্ৰৰ ভোটাৰ জৱাহাৰলাল প্ৰসাদ আৰু তেওঁৰ পত্নী শকুন্তলা প্ৰসাদ বিৰুদ্ধে দুখনকৈ ৰাজ্যত দুটা পৃথক ভোটাৰ পৰিচয় পত্ৰ ব্যৱহাৰ কৰাৰ অভিযোগ পোৱা গৈছে।

ৰাজ্যখনত দুয়োৰ ভোটাৰ পৰিচয় পত্ৰৰ EPIC নম্বৰ ক্ৰমে TNZ0000349 আৰু  KHV0621607। মেঘালয়ৰ দৰে এই দম্পত্তিহালৰ অসমৰ ভোটাৰ তালিকাতো অন্তৰ্ভূক্ত হৈ আছে নাম। ৮ নং ধুবুৰী বিধানসভা সমষ্টিৰ ২৬৬ ভোটগ্ৰহন কেন্দ্ৰৰ ভোটাৰ তালিকাত দম্পত্তি হালৰ নাম অন্তৰ্ভূক্ত হৈ আছে। ধুবুৰীৰ ভোটাৰ তালিকাত দম্পত্তিহালৰ ভোটাৰ পৰিচয় পত্ৰৰ EPIC নম্বৰ দুটা ক্ৰমে DHL7734807 আৰু DHL7734830 ।

অভিযোগ মতে, প্ৰায় ১০-১৫ বছৰ পূৰ্বে এই দম্পত্তিয়ে মেঘালয়ত বসবাস আৰম্ভ কৰিছে। মেঘালয়ত নিৰ্বাচনী বিষয়াক ভুৱা তথ্য প্ৰদান কৰি ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰিছে। ২০০৫ চনৰ ধুবুৰীৰ ভোটাৰ তালিকাতো দুয়োৰে নাম অন্তৰ্ভূক্ত হৈ আছে। দুয়োখন ৰাজ্যত পৃথকে ভোটাৰ পৰিচয় পত্ৰ লৈ দুয়োখন ৰাজ্যত ভোটদান কৰি অহা বুলি অভিযোগ তুলিছে মেঘালয়ৰ ছাৰাফত হুছেইন (Sarafat Hussain) নামৰ BLO জনে।

ধুবুৰীৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত হৈ থকাৰ পাচতো মেঘালয়ৰ পৰা চৰকাৰী সুবিধা লাভ কৰিবলৈ দম্পত্তিহালে মেঘালয়ৰ ভোটাৰ পৰিচয় পত্ৰ ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। লক্ষণীয় যে, এই দম্পত্তিৰ জীয়েকৰ নামত মেঘালয়ৰ পৰা Scheduled Cast ৰ চাৰ্টিফিকেট প্ৰস্তুত কৰি চিকিৎকৰ ছাত্ৰী হিচাপে নামভৰ্তিৰ সুবিধা লোৱাৰ লগতে বিভিন্ন বিভাগত ঠিকাদাৰ হিচাপে জৱাহাৰলাল প্ৰসাদে এছ চি চাৰ্টিফিকেটৰ সুবিধা লৈছে বুলি দেশৰ মুখ্য নিৰ্বাচনী আয়োগক বিএলঅ ছাৰাফত হুছেইনে লিখিত অভিযোগ দাখিল কৰিছে।

ভোটাৰ কাৰ্ড