কংগ্ৰেছৰ বেনাৰ-পোষ্টাৰত স্থান নাপালে দলৰ দুই শীৰ্ষ নেতাইঃ ক্ষোভিত একাংশ কংগ্ৰেছী

এনে দলীয় সভা-সমিতি সমূহত ভূপেন বৰা আৰু ভৰত নৰহক যে চৰম উপেক্ষা কৰা হৈছে সেয়া অনুভৱ কৰিছে জিলা খনৰ বহু জেষ্ঠ কংগ্ৰেছৰ নেতা-কৰ্মীয়ে। ক্ষোভ ব্যক্ত জিলা কংগ্ৰেছৰ নেতা-কৰ্মীৰ...

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-08-20 at 8.44.01 PM

ডিজিটেল সংবাদ,লখিমপুৰঃ  গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত এইবাৰ ফটোক লৈ কংগ্ৰেছত আৰম্ভ হৈছে বিসম্বাদ। এই বিসম্বাদৰ আৰম্ভণি হৈছে এপিচিচি ৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ গৃহ জিলা লখিমপুৰৰ পৰা। সভাপতিৰ দায়িত্ব এৰাৰ পিছত দলৰ মজিয়াতেই যেন চুড়ান্ত অপমানিত আৰু অৱহেলিত হৈছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গৰাকী।

Advertisment

কেৱল ভূপেন বৰাই নহয়, দলটোৰ জ্যেষ্ঠ নেতা, উত্তৰ পাৰৰ একমাত্ৰ কংগ্ৰেছী বিধায়ক ভৰত নৰহো উপেক্ষিত দলৰ মজিয়াত। গৌৰৱ গগৈ এপিচিচি ৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছত লখিমপুৰত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ কেবাটাও দলীয় কাৰ্যসূচী।

এনে দলীয় সভা-সমিতি সমূহত ভূপেন বৰা আৰু ভৰত নৰহক যে চৰম উপেক্ষা কৰা হৈছে সেয়া অনুভৱ কৰিছে জিলা খনৰ বহু জেষ্ঠ কংগ্ৰেছৰ নেতা-কৰ্মীয়ে। সেয়ে এইবাৰ এনে কাৰ্যৰ বিৰুদ্ধে মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰি ক্ষোভ ব্যক্ত কৰিছে জিলা কংগ্ৰেছৰ নেতা-কৰ্মীয়ে।

গৌৰৱ গগৈয়ে নিযুক্তি দিয়া লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি গংগাজ্যোতি টায়েগামৰ বিৰুদ্ধে মুকলি ক্ষোভ প্ৰকাশ কৰি জিলাৰ সাধাৰণ সম্পাদক তথা এপিচিচি ৰ মিডিয়া পেনেলিষ্ট ৰাতুল বৰাই জিলা সভাপতি গৰাকীক ভৱিষ্যতে এনে নকৰিবলৈ সকীয়নি প্ৰদান কৰিছে।

ৰাতুল বৰাই কয় যে, দৰকাৰ হ'লে কাৰোৰেই ফটো দিব নালাগে, তথাপিও আমাৰ নেতাক আমি অপমান কৰিবলৈ নিদিও। উল্লেখযোগ্য যে, এই গৰাকী গংগাজ্যোতি টায়েগাম লখিমপুৰ জিলা কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক হৈ থকা কালত লখিমপুৰ জিলা কংগ্ৰেছৰ অধিকাংশ নেতা-কৰ্মীয়ে তেওঁৰ বিৰুদ্ধে অভিযোগ দিছিল।

গংগাজ্যোতি টায়েগামৰ স্বেচ্ছাচাৰীতাৰ বিৰুদ্ধে তেওঁৰ অপসাৰণৰ দাবীত কংগ্ৰেছ শীৰ্ষ নেতৃত্বক অভিযোগ দিছিল দলীয় নেতা-কৰ্মীয়ে। কিন্তু গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছতেই গংগাক অপসাৰণ দূৰৰ কথা, ওলোটাই জিলা সভাপতিৰ দায়িত্ব হে প্ৰদান কৰিলে।

 ইয়াৰ পূৰ্বে গংগাজ্যোতিৰ বিৰুদ্ধে জিলাৰ জ্যেষ্ঠ উপ-সভাপতি চিদানন্দ কামানে মুকলিকৈ ক্ষোভ প্ৰকাশ কৰাৰ পিছত জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকে সকীয়নি প্ৰদান কৰিছে জিলাৰ সভাপতিজনক।

ভূপেন বৰা ভৰত নৰহ