New Update
/asomiyapratidin/media/media_files/2025/08/23/156-2025-08-23-22-37-37.jpg)
- লামডিঙত পুনৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ আটক দুজন সৰবৰাহকাৰী।
- লামডিং-লংকা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযানত আটক ত্ৰিপুৰাৰ যুৱক।
- লামডিং আৰক্ষীৰ জালত ত্ৰিপুৰাৰ ধৰ্মনগৰৰ যুৱক কিৰণ সিংহ আৰু সুৰজ সিংহ ৷
- ত্ৰিপুৰাৰ পৰা লংকালৈ সৰবৰাহ কৰাৰ সময়তে লামডিং আৰক্ষীৰ জালত পৰে দুই সৰবৰাহকাৰী ৷
- ত্ৰিপুৰাৰ পৰা লংকালৈ দুয়ো স্কুটিৰে সৰবৰাহ কৰিছিল নিষিদ্ধ ভাংখিনি।
- আৰক্ষীয়ে অভিযানত ২৩ কেজি নিষিদ্ধ ভাংসহ TR 05 G 4586 আৰু TR 05 G 5234 নম্বৰৰ স্কুটি দুখন জব্দ কৰিছে ৷
- জব্দকৃত ভাংখিনৰ বজাৰ মূল্য প্ৰায় ৭ লক্ষাধিক টকাৰ হ'ব বুলি জানিব পৰা গৈছে ৷