/asomiyapratidin/media/media_files/2025/09/23/412-2025-09-23-21-01-19.jpg)
ডিজিটেল সংবাদ, বিহপুৰীয়া : বিহপুৰীয়া নগৰত মঙলবাৰে সন্ধিয়া হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মুকলি কৰা হয় ৷ এই উদ্দেশ্যে বিহপুৰীয়াৰ জুবিন ফেন ক্লাব আৰু বিহপুৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় ৷
বিহপুৰীয়া নগৰৰ মাজমজিয়াৰ যোগ বৰুৱা স্মৃতি ভৱনৰ সমীপত চিত্ৰ শিল্পী তথা নাট্যকাৰ পৰিচালক নিপন পূজাৰীয়ে ২২ ছেপ্টেম্বৰৰ নিশাৰ পৰা আজি পুৱা পৰ্যন্ত অংকন কৰি উলিওৱা প্ৰতিচ্ছবি খন মুকলি কৰে বিহপুৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জয় প্ৰকাশ মহন্তই। ৰঞ্জিত পূজাৰীয়ে আতঁ ধৰা অনুষ্ঠানত বিহপুৰীয়া পৌৰ সভাৰ পৌৰপতি দিপশিখা বৰাই জুবিন ফেন ক্লাবৰ আহ্বানত নগৰখনত মহান শিল্পীগৰাকীৰ এটি প্ৰতিমুৰ্তি স্থাপনৰ সিদ্ধান্ত সদৰী কৰে ৷
অনুষ্ঠানত লখিমপুৰ জিলা পৰিষদৰ উপসভাপতি খগেন হাজৰিকা, বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম গগৈ, বিহপুৰীয়া বিদ্যুত উপসংমণ্ডলৰ বিষয়া বতুপন পাঠৰী প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ অনুষ্ঠানত পৰশমণি বৰাই জুবিন গাৰ্গৰ এটি গীত পৰিৱেশন কৰে ৷
ইপিনে বিহপুৰীয়া প্ৰেৰণা চিনেমা হল প্ৰাঙ্গনতো আজি এখন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মুকলি কৰা হয় ৷ চিনেমা হল প্ৰাঙ্গনত শিল্পী মিঠুৰাজ বৰাই সোমবাৰে নিশা আকি উলিওৱা প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জনাই চিনেমা হলৰ সম্পাদক হৰেণ চেতিয়াই জুবিন গাৰ্গৰ বাবেই প্ৰেৰণা চিনেমা হলে দ্বিতীয় বাৰৰ বাবে পঞ্জীয়ন লাভ কৰা বুলি উল্লেখ কৰে ৷
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তোলন সোনোৱাল, হেমচন্দ্ৰ বৰুৱা, বিৰবল সোনোৱাল, কল্পজ্যোতি পাটমাউট আদি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷