মণিপুৰত বুজণ পৰিমাণৰ আফিং সহ গ্ৰেপ্তাৰ কামৰূপৰ দুই সৰবৰাহকাৰী

এখন বাহনত‌ তালাচী চলাই আৰক্ষীয়ে ১৮.২ কেজি আফিং জব্দ কৰে। নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে কামৰূপ জিলাৰ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।‌

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,শিলচৰ:  অসমলৈ সৰবৰাহৰ কৰাৰ সময়তে মণিপুৰত বুজণ পৰিমাণৰ আফিং সহ কামৰূপ জিলাৰ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে মণিপুৰ আৰক্ষীয়ে। সেনাপতি জিলাৰ মৰাম থানাৰ অন্তৰ্গত মৰাম তালাচী চকীত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে আফিং খিনি।

 এখন বাহনত‌ তালাচী চলাই আৰক্ষীয়ে ১৮.২ কেজি আফিং জব্দ কৰে। নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে কামৰূপ জিলাৰ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।‌ ধৃত‌ ব্যক্তি দুজন ৰাজু আলী আৰু আইনুল হক বুলি জানিব পৰা গৈছে।

ড্ৰাগছ সৰবৰাহকাৰী দ্বয়ৰ পৰা আৰক্ষীয়ে এখন চাৰিচকীয়া বাহন আৰু দুটা মোবাইল ফোন আৰু নগদ ধন জব্দ কৰিছে। এই সংক্ৰান্তত মৰাম থানাত গোচৰ ৰুজু কৰি‌ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

মণিপুৰ