/asomiyapratidin/media/media_files/2025/08/19/breaking-news-2025-08-19-18-27-34.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য মেঘালয়ত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে। গোপন তথ্যৰ ভিত্তিত ইষ্ট জয়ন্তীয়া হিলছ আৰক্ষী আৰু এন্টি নাৰ্কোটিকছ টাস্ক ফ'ৰ্চে লুমছুঙত এখন নৈশ বাছত যুটীয়া অভিযান চলাই জব্দ কৰে এই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীখিনি।
শিলচৰৰ পৰা শ্বিলং অভিমুখী মেঘালয় পৰিবহনৰ বাছত তালাচী চলাই আৰক্ষীয়ে ১০.৩৫ কেজি গাঞ্জা, ২,৭৩৬ টা নিচাজাতীয় ট্ৰামাডল হাইড্ৰক্লৰাইড কেপছুল আৰু ৬০০০ টা নিট্ৰাজাপেম টেবলেট সহ দুটা মোবাইল ফোন জব্দ কৰে। ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ আৰক্ষী অধীক্ষক বিকাশ কুমাৰে সদৰী কৰা অনুসৰি, জব্দ কৰা নিচাজাতীয় সামগ্ৰী খিনিৰ বজাৰ মুল্য প্ৰায় ২০ লাখ টকা।
এই নিষিদ্ধ সামগ্ৰী সমূহ শিলচৰৰ পৰা শ্বিলঙলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল দুজন সৰবৰাহকাৰীয়ে। আৰক্ষীয়ে সৰবৰাহকাৰী দুজনকো গ্ৰেপ্তাৰ কৰে। ধৃত লোক দুজন কাছাৰ জিলাৰ কাটিগৰা সমষ্টিৰ সুন্দৰী তৃতীয় খণ্ডৰ অমল নাথ আৰু ত্ৰিপুৰা কমলপুৰৰ বামুনছৰা গাঁৱৰ ৰাধিকা ৰঞ্জন দাস বুলি জানিব পৰা গৈছে। ধৃত সৰবৰাহকাৰীদ্বয়ে উত্তৰ পূৱৰ এটা বৃহৎ অপৰাধ ছিণ্ডিকেটৰ হৈ কাম কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us