/asomiyapratidin/media/media_files/2025/08/26/silchar-26-2025-08-26-22-17-01.jpg)
ডিজিটেল সংবাদ শিলচৰ: চুবুৰীয়া ৰাজ্য মেঘালয়ত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই পূৱ জয়ন্তীয়া হিলছ জিলাৰ আৰক্ষীয়ে বুজণ পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে। গোপন তথ্যৰ ভিত্তিত উমকিয়াঙত নাকা চেকিঙ বহুৱাই আৰক্ষীয়ে জব্দ কৰে হেৰ'ইনখিনি।
শিলচৰ- শ্বিলং অভিমুখী এখন বাহনত তালাচী চলাই এন্টি নাৰ্কোটিকছ টাস্ক ফ'ৰ্চে জব্দ কৰে ১১ টাকৈ হেৰ'ইন ভৰ্তি প্লাষ্টিকৰ বাকচ। বাকচ কেইটাৰ পৰা জব্দ কৰা হয় ১৩৭.৮৬ গ্ৰাম হেৰ'ইন। জব্দ কৰা হেৰ'ইনখিনিৰ মূল্য প্ৰায় ৬০ লাখ টকা বুলি সদৰি কৰিছে ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ আৰক্ষী অধীক্ষক বিকাশ কুমাৰে।
উল্লেখ্য যে, এই হেৰ'ইনখিনি শিলচৰৰ পৰা শ্বিলঙলৈ সৰবৰাহৰ সময়ত উমকিয়াঙত জব্দ কৰা হয়। হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে পশ্চিম বংগৰ মালদা জিলাৰ কালিয়াচ'কৰ হজৰত উমৰ নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে।
হজৰত উমৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে পিছত শ্বিলঙৰ লুমছাৰ্ভে আজমেৰাৰ পৰা ফুলচান আলী নামৰ আন এজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ মতে, এই দুজন সৰবৰাহকাৰী আন্ত: ৰাজ্যিক এটা বৃহৎ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ সৈতে জড়িত। তেওঁ লোক এক বিশাল অপৰাধ চিণ্ডিকেটৰ হৈ কাম কৰা বুলিও আৰক্ষীৰ সন্দেহ।