/asomiyapratidin/media/media_files/2026/02/13/karuaaaaa-2026-02-13-15-53-09.jpg)
ডিজিটেল সংবাদ, বোকাখাত : অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বোকাখাত সমজিলাত বাঢ়িছে আধাৰশিলা ৰাজনীতিৰ ঢৌ। পিছে নিৰ্বাচনৰ আগে আগে আধাৰশিলা কৰা পথ আদিৰ নিৰ্মাণ পৰৱৰ্তী সময়ত কিমানদূৰ আগবাঢ়ে সেয়া লক্ষ্যণীয় হৈ উঠিছে সমষ্টিবাসীৰ মাজত।
শেহতীয়াকৈ বোকাখাত বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চল বিধায়ক অতুল বৰাই পথ আদিৰ আধালশিলা সমাপন কৰি থকাৰ সময়ত সমষ্টিটোৰ কৃষি প্ৰধান অঞ্চল কুৰুৱাবাহীৰ চিনাকান গাঁৱৰ জৰাজীৰ্ণ হৈ থকা মূল পথটো নিৰ্মাণ কৰি গাঁৱখনৰ যাতায়াত কেতিয়া সূচল কৰি তোলা হ'ব সেয়া স্বাভাৱিকতেই চৰ্চা হৈছে অঞ্চলটোত। কুৰুৱাবাহীৰ চিনাকান গাঁৱৰ মূল পথটো, যিটো পথে কৃষিপধান গাঁওখনৰ কেইবাখনো বিস্তীৰ্ণ কৃষি পথাৰ, বিহৰা ১২ নম্বৰহৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু মূল ব্যৱসায়ীক কেন্দ্ৰ চিনাকান চাৰিআলিক সংযোগ কৰিছে।
পিছে এই পথটো দীৰ্ঘদিনৰ পৰা অত্যন্ত শোচনীয় হৈ আছে। যাৰ ফলত বাৰিষাৰ সময়ত ছাত্ৰ ছাত্ৰীৰ পৰা ৰোগী, কৃষক ৰাইজ আদিয়ে এক প্ৰকাৰ যমৰ যাতনা ভোগী যাতায়াত কৰি আহিব লগীয়া হৈছে।
এই ক্ষেত্ৰত গাঁৱবাসীয়ে জানিবলৈ দিয়া অনুসৰি গাঁৱবাসীয়ে পথটোৰ নিৰ্মানৰ ক্ষেত্ৰত বিধায়ক অতুল বৰা আৰু বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাই আহিছে যদিও কানসাৰ কৰা নাই বিধায়কগৰাকীয়ে। একেদৰেই গাঁৱবাসীৰ অভিযোগ যে বিধায়ক অতুল বৰাই গাঁওখনত ৰবি শস্যৰ বতৰত কেৱল 'ফটো শ্বুট'ৰ বাবে পদাৰ্পন কৰাৰ অভিজ্ঞতাহে আছে গাঁৱবাসীৰ তাৰ বিপৰিতে গাঁৱখনৰ শিক্ষা, স্বাস্থ্য, যাতায়াত,কৃষিৰ ক্ষেত্ৰত বিগত দহটা বছৰে তিলমানো অৱদান আগনবঢ়ালে বিধায়কগৰাকীয়ে। ইফালে খোৱাপানীৰ ক্ষেত্ৰত গাঁৱবাসীয়ে দীৰ্ঘদিনৰ পৰা ভোগী অহা আৰ্চেনিক সমস্যাৰ ক্ষেত্ৰটো আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিধায়কগৰাকীয়ে।
আনহাতে অঞ্চলটোৰ চিনাকান আদৰ্শ গাঁৱৰ পথটোয়েও দশক ধৰি যমৰ যাতনা ভোগাই আহিছে গাঁৱবাসীক। ২০১৬ আৰু ২০২১ চনৰ বিধান সভা নিৰ্বাচনৰ সময়ত বোকাখাতৰ বিধায়ক, কেবিনেট মন্ত্ৰী অতুল বৰা আৰু তেওঁৰ সাংগোপাংগ সকলে পথটো নিৰ্মানৰ ঠিকেই প্ৰতিশ্ৰুতি দিছিল কিন্তু আজিলৈকে কাৰ্যকৰী নহ'ল প্ৰতিশ্ৰুতি। ধনশিৰি নদীৰ কাষতে অৱস্থিত এই গাঁৱখনে ৰবি শস্যৰ ক্ষেত্ৰত গোলাঘাট জিলাৰ কৃষি ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়াই আহিছে যদিও আজিলৈকে উন্নত যাতায়তৰ মুখ নেদেখিলে। উক্ত পথটোৰ বাবেই উপযুক্ত শিক্ষা, স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ আহিছে গাঁৱবাসী।
আনকি ৰবি শস্যৰ বতৰত গাঁৱখনত উৎপাদিত ফচলৰ কেৱল বিধ্বস্ত যাতায়তৰ বাবেই অধিক মূল্য দিবলৈ মন নকৰে পাইকাৰী ব্যৱসায়ীসকলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us