পাথাৰকান্দিত দুজন লোকৰ মৃতদেহ উদ্ধাৰঃ বিদ্যুৎস্পৃষ্ট হোৱাৰ সন্দেহ...

পাথাৰকান্দি থানাৰ অন্তর্গত ডেফলছড়ায়ত মাছ ধৰিব গৈ  বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় দুজন ব্যক্তিৰ। মৃত ব্য়ক্তি দুগৰাকীৰ এজন উজান ডেফলয়ালা গাঁৱৰ ৰিয়াজ উদ্দিনৰ ৫২ বছৰীয়া পুত্র নুৰ উদ্দিন আৰু আনজন আলা উদ্দিনৰ ৪৫ বছৰীয়া পুত্র জফৰুল হক।

author-image
Asomiya Pratidin
New Update
dangor-khobr-19

ডিজিটেল সংবাদ পাথাৰকান্দিঃ পাথাৰকান্দি থানাৰ অন্তর্গত ডেফলছড়ায়ত মাছ ধৰিব গৈ  বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় দুজন ব্যক্তিৰ। মৃত ব্য়ক্তি দুগৰাকীৰ এজন উজান ডেফলয়ালা গাঁৱৰ ৰিয়াজ উদ্দিনৰ ৫২ বছৰীয়া পুত্র নুৰ উদ্দিন আৰু আনজন আলা উদ্দিনৰ ৪৫ বছৰীয়া পুত্র জফৰুল হক।

প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে সমীপৰ এটা অঞ্চলত স্থানীয় লোকে দুয়োজনৰে মৃতদেহ প্ৰত্যক্ষ কৰে। লগে লগে আৰক্ষীক খবৰ দিয়াত পাথাৰকান্দি থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শ্রীভূমি জিলাৰ সদৰ হাস্পতাললৈ প্ৰেৰণ কৰে।

প্রাথমিক তদন্ত মতে, সেইদিনা নিশা নুৰ আৰু জফৰুলে বৈদ্যুতিক সংযোগ ব্যৱহাৰ কৰি মাছ ধৰিব গৈছিল। উক্ত স্থানত বিদ্যুতৰ সংস্পর্শত আহি তেওঁলোকৰ মৃত্যু হয়।

পাথাৰকান্দি থানাৰ আৰক্ষী অধীক্ষক সোমেশ্বৰ কাউৰে জানিব দিয়ে যে, ঘটনাস্থলীত  বিদ্যুৎ ব্যৱহাৰৰ  প্রমাণস্বৰূপে ভিডিঅ' পোৱা গৈছে। আৰক্ষীয়ে বর্তমানেও সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। আনহাতে, এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে। 

পাথাৰকান্দি