কাছাৰত আঢ়ৈ কোটিৰ হেৰ'ইনসহ দুজনক আটক...

কাছাৰত ড্ৰাগছৰ‌ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে বুজণ পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে। আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ নেতৃত্বত শিলচৰ-আইজল ৰাষ্ট্ৰীয় পথত জব্দ কৰে হেৰ'ইনখিনি।  

author-image
Asomiya Pratidin
New Update
কাছাৰত আঢ়ৈ কোটিৰ হেৰ'ইনসহ দুজনক আটক...

ডিজিটেল সংবাদ শিলচৰ: কাছাৰত ড্ৰাগছৰ‌ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে বুজণ পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে। আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ নেতৃত্বত ধলাইৰ শিলচৰ-আইজল ৰাষ্ট্ৰীয় পথত নাকা চেকিঙ কৰি জব্দ কৰে হেৰ'ইনখিনি।  

Advertisment

মিজোৰামৰ পৰা শিলচৰ অভিমুখী দুখন বাহনত তালাচী চলাই আৰক্ষীয়ে ৪০ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে।বাকচ কেইটাৰ পৰা মুঠ ৪৬৪ গ্ৰাম হেৰ'ইন জব্দ কৰা হয়। 

জব্দ কৰা হেৰ'ইনৰ মুল্য ২.৫ কোটি টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে। হেৰ'ইনৰ সৈতে দুজন সৰবৰাহকাৰীক আটক কৰা হয়। ধৃত লোক দুজন ৰিবুল হুছেইন লস্কৰ আৰু আব্দুল কাছেম লস্কৰ।‌ 

দুয়োজনৰ ঘৰ ধলাইৰ জয়ধনপুৰত। আৰক্ষীৰ মতে, নিষিদ্ধ হেৰ'ইনখিনি চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা কাছাৰলৈ অনা হৈছিল।

কাছাৰ ড্ৰাগছ বিৰোধী অভিযান