/asomiyapratidin/media/media_files/2026/02/04/jannuuuu-2026-02-04-14-13-25.jpg)
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত জৈইছ-ই-তৈবাৰ দুটা সন্ত্ৰাসবাদী সেনাৰ গুলীত নিহত। এটা সুৰংগত লুকাই আছিল সন্ত্ৰাসবাদী কেইটা। এই সুৰংগত বিস্ফোৰণ ঘটাই নিহত কৰে সন্ত্ৰাসবাদী কেইটাক।
দৰাচলতে, মঙলবাৰে উধমপুৰ জিলাৰ বনাঞ্চলত সেনা বাহিনীৰে হোৱা সংঘৰ্ষত নিহত হয় দুটা পাকিস্তানী সন্ত্ৰাসবাদী। প্ৰায় এঘন্টাজুৰি সন্ত্ৰাসবাদী আৰু সেনা বাহিনীৰ মাজত সংঘৰ্ষ চলে।
সেনা বাহিনীয়ে জনাই যে, মঙলবাৰে বিয়লি প্ৰায় ৪ বজাত উধমপুৰ জিলাৰ ৰামনগৰ এলেকাৰ জাফৰ বনাঞ্চলত সেনা বাহিনী, আৰক্ষী আৰু চিআৰপিএফ দলে বনাঞ্চলৰ এটা সুৰংগত সন্ত্ৰাসবাদী কেইটা থকাৰ খবৰ লাভ কৰে। তাৰপাছত উক্ত স্থানত উপস্থিত হৈ সন্ত্ৰাসবাদী কেইটাৰ সৈতে সেনা, আৰক্ষী, চিআৰপিএফৰ সংঘৰ্ষ আৰম্ভ হয়। আৰু অৱশেষত সন্ত্ৰাসবাদী দুটা নিহত হয়।
উল্লেখ্য যে, সেনা বাহিনীয়ে সন্ত্ৰাসবাদী কেইটাক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল যদিও সন্ত্ৰাসবাদীয়ে সেনা বাহিনীৰ ওপৰত গুলীচালনাহে কৰে। তাৰপাছত সেনাই এই সুৰংগটোত বোমা বিস্ফোৰণ কৰে আৰু ফলত সন্ত্ৰাসবাদী কেইটা নিহত হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us