অবৈধ মাৰণাস্ত্ৰসহ গোগামুখ আৰক্ষীৰ জালত ঢকুৱাখনাৰ দুই ব্যক্তি

ঢকুৱাখনাত ভয়ংকৰ ভৱিষ্যতৰ ইংগিত দি অবৈধ মাৰণাস্ত্ৰৰ প্ৰাদুৰ্ভাৱ ঘটিছে । অবৈধ আৰু নিষিদ্ধ গাঞ্জা ,মাৰাত্মক ড্ৰাগছৰ পাছত এইবাৰ ঢকুৱাখনাত মাৰণাস্ত্ৰৰ অবাধ সৰবৰাহ হোৱা পৰিলক্ষিত হৈছে ।

author-image
Asomiya Pratidin
New Update
307

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনাত ভয়ংকৰ ভৱিষ্যতৰ ইংগিত দি অবৈধ মাৰণাস্ত্ৰৰ প্ৰাদুৰ্ভাৱ ঘটিছে । অবৈধ আৰু নিষিদ্ধ গাঞ্জা ,মাৰাত্মক ড্ৰাগছৰ পাছত এইবাৰ ঢকুৱাখনাত মাৰণাস্ত্ৰৰ অবাধ সৰবৰাহ হোৱা পৰিলক্ষিত হৈছে ।

সোপাধিলা ঢকুৱাখনা আৰক্ষীক চোৰাং বনজ সম্পদ ব্যৱসায়ীপ্ৰীতিয়ে আপাদ মস্তক গ্ৰাস কৰি থকাৰ সময়তে ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত দদাবাৰী গাঁৱৰ দুজন ব্যক্তি অবৈধ মাৰণাস্ত্ৰ সৰবৰাহত জড়িত হোৱাৰ খবৰে সমগ্ৰ ঢকুৱাখনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । চিন্তিত কৰি তুলিছে প্ৰতিগৰাকী ঢকুৱাখনাবাসীক।

সংগৃহীত তথ্য মতে ঢকুৱাখনা থানাৰ অন্তৰ্গত নামনি দদাবাৰী গাঁৱৰ হীৰা কান্ত পেগুৰ প্ৰায় ৫০ বছৰীয়া পুত্ৰ গগণ পেগু আৰু নামনি দদাবাৰী গাঁৱৰ সুভাষ পেগুৰ পুত্ৰ ৩০বছৰীয়া কানু পেগু এই মাৰাত্মক মাৰণাস্ত্ৰ সৰবৰাহত জড়িত হৈ আছে । সমগ্ৰ ডিমৰুগুৰি অঞ্চলত উদণ্ড আৰু অসামাজিক কাৰ্যত জড়িত কুখ্যাত জে'ল ফেৰৎ ব্যক্তি গগণ পেগুৱে ঢকুৱাখনাত এই গোপন দুষ্কাৰ্য চলাই থকাৰ তথ্য পোহৰলৈ আহিছে ।

ইতিপূৰ্বে চুৰি ,ডকাইতি আদি বিভিন্ন গোচৰত অভিযুক্ত গগণ পেগুৱে নিজৰ মাৰণাস্ত্ৰৰ গোপন বেহাৰ প্ৰলোভন দেখুৱাই একাংশ বিপথগামী যুৱকক অসৎ পথত নিয়াৰ ভয়ংকৰ পৰিকল্পনা আৰম্ভ কৰিছে ঢকুৱাখনাত । তাৰেই অংশ হিচাপে উজনি দদাবাৰী গাঁৱৰ বাঁহ ব্যৱসায়ী কানু পেগুক প্ৰলোভিত কৰি দুটা অবৈধ মাৰণাস্ত্ৰ সহ বিশেষ উদ্দেশ্যেৰে ৰাওনা হোৱাৰ সময়তে গোগামুখ আৰক্ষীৰ জালত বন্দী হয়।

ঢকুৱাখনাৰ নিষ্ক্ৰিয় আৰক্ষীৰ সন্মুখতে মাৰণাস্ত্ৰলৈ মুকলিভাৱে বিচৰণ কৰি ফুৰা এই দুই যুৱক  বুধবাৰে গোগামুখ অভিমুখী যাত্ৰাকালত গোগামুখ আৰক্ষীৰ ফান্দত পৰে ।  গোগামুখ থানাৰ অ' চি প্ৰণৱ দলেয়ে দীৰ্ঘদিন ধৰি অনুসৰণ কৰি অহা এই দুই যুৱকে বুধবাৰে ঘিলামৰা-গোগামুখ ৰাজ্যিক ঘাইপথৰ নাহৰণী গাঁৱৰ সমীপত সশস্ত্ৰ অৱস্থাত সন্দেহজনকভাৱে বিচৰণ কৰি থকাৰ খবৰ লাভ কৰে।

বিশেষ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত এই সন্দৰ্ভত জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিতেশ কুমাৰ ৰায়ক অৱগত কৰে গোগামুখ আৰক্ষী  থানাৰ অচি প্ৰণৱ দলেয়ে ।  পৰৱৰ্তী সময়ত আৰক্ষী অধীক্ষক ৰায়ৰ তত্বাৱধানত উপ আৰক্ষী অধীক্ষক অনিল মৰাণ  চক্ৰ পৰিদৰ্শক গকুল সোণোৱাল আৰু গোগামুখ থানাৰ অচি প্ৰণৱ কুমাৰ পেগুৰ নেতৃত্বত চলে অভিযান ।

অভিযান কালত AS 07-E-1439 নম্বৰৰ পালচাৰ বাইকত অহা দুয়োজন ব্যক্তিয়ে কঢ়িয়াই অনা এটা স্কুল বেগৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে মাৰণাস্ত্ৰ । আৰক্ষীয়ে তালাচী চলাই এটা মেগজিনসহ ৭.৬৫ পিষ্টল আৰু দুজাই সজীৱ গুলী ,এটা কাঠৰ হেণ্ডেল যুক্ত দেশীয়ভাৱে নিৰ্মিত এয়াৰ গান, এটা মাৰণাস্ত্ৰ ৰখা "হলষ্টাৰ" আৰু দুটা ম'বাইল ফোন উদ্ধাৰ কৰি জব্দ কৰে।

অভিযানকাৰী দলটোৱে দুয়োজন ব্যক্তিক আটক কৰি গোগামুখ থানালৈ নি এক গোচৰ পঞ্জীয়ন কৰিছে আৰু দুয়োকে গ্ৰেপ্তাৰ কৰিছে । ধেমাজি জিলা আৰক্ষীৰ সহযোগিতা, গোগামুখ আৰক্ষীৰ তৎপৰতাৰ বাবেই এই নিষিদ্ধ মাৰাত্মক মাৰণাস্ত্ৰ সৰবৰাহকাৰী ব্যক্তি দুজন গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত গোগামুখ আৰু ধেমাজি জিলা আৰক্ষী উচ্চ প্ৰশংসিত হৈছে।

গোগামুখ আৰক্ষীৰ সদা সক্ৰিয়তাৰ বাবেই ঢকুৱাখনাৰ এই দুই চোৰাং মাৰণাস্ত্ৰ সৰবৰাহকাৰীৰ এক ভয়ঙ্কৰ দুষ্কাৰ্যৰ পৰা সকাহ পালে বুলি সচেতন মহলে মত ব্যক্ত কৰিছে । গোগামুখ আৰক্ষীয়ে এই সন্দৰ্ভতধৃত ব্যক্তি দুজনক সোধা পোছা অব্যাহত ৰাখিছে ।

উল্লেখ্য যে ঢকুৱাখনা আৰক্ষীৰ নিষ্ক্ৰিয়তা আৰু হেমাহীৰ বাবেই ঢকুৱাখনাত নিষিদ্ধ ভাং, ড্ৰাগছ আদি সামগ্ৰীৰ প্ৰয়োভৰ ঘটাৰ পাছত শেহতীয়াভাৱে অবৈধ মাৰণাস্ত্ৰৰো উপলব্ধ হোৱাত উদ্বিগ্ন সমজিলাবাসী । ন্যায়কামী ৰাইজৰ আস্থা বিশ্বাস হেৰুওৱা ঢকুৱাখনা আৰক্ষীৰ সোপাধিলা ভূমিকাৰ বাবে এক ভয়ংকৰ দিশে ঢকুৱাখনাই যাতে গতি কৰিব নোৱাৰে, তাৰ বাবে সকলো সামাজিক ব্যক্তি সংগঠন, ৰাইজ সজাগ সচেতন হোৱাৰ সময় সমাগত ।

গোগামুখ