/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/7f4de421-1c94-44a3-9adc-53ef8e27cf21/DASSS.jpg)
ডিজিটেল ডেস্কঃ কৃষকসকলৰ সামগ্ৰিক কল্যাণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ডিজিটেল শস্য জৰীপ খাৰিফ ২০২৪ শীৰ্ষক এখন আচঁনি আৰম্ভ কৰিছে। সমগ্ৰ দেশৰ লগতে অসমৰো ২৯ খন জিলাত চেটেলাইট যোগে কৰিবলগীয়া কৃষিভূমিৰ জৰীপ অহা ১৬ আগষ্টৰ পৰা আৰম্ভ হ'ব। এই জৰীপ কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ইতিমধ্যে বাচনি কৰা সমীক্ষক, পৰ্যবেক্ষক আৰু নিৰীক্ষকসকলক এই জৰীপ কাৰ্য সম্পন্ন কৰাৰ ক্ষেত্ৰত প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে আজি গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুৰ প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/3cf8f278-980e-44cf-8921-8e5d370951b7/165aa6e9-a5e0-486f-a96c-0be327cae996.jpg)
আজিৰ প্ৰশিক্ষণত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ডিজিটেল শস্য জৰীপৰ বিশেষজ্ঞ তথা এন আই চি, কৰ্ণাটকৰ জ্যেষ্ঠ কাৰিকৰী সঞ্চালক এন আই সমাৰ্থৰাম, কৃষি মন্ত্ৰালয়ৰ কেন্দ্ৰীয় প্ৰকল্প গোটৰ সমল বিষয়াদ্বয় ক্ৰমে সৰিতা এল বি তিৰুমালা আৰু প্ৰসন্ন শইকীয়া।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/b0ff9bec-1431-4b69-942a-d5915f4bab10/8802cc89-8869-4c8a-8b83-5e0c0263c26e.jpg)
সভাৰ আৰম্ভণিতে ডিজিটেল শস্য জৰীপৰ মূল ভেটি এগ্ৰীষ্টেক সম্পৰ্কে ব্যাখ্যা কৰি সৰিতা তিৰুমালাই কয় যে কৃষিক্ষেত্ৰৰ ডিজিটেল সামূহিক আন্তঃগাথঁনিয়ে হৈছে এগ্ৰীষ্টেক। আধাৰ নম্বৰে যেনেদৰে এগৰাকী ব্যক্তিৰ ঠিকনাৰ প্ৰমাণ দিয়ে ঠিক তেনেদৰেই এগ্ৰীষ্টেকে এগৰাকী ব্যক্তিক কৃষক হোৱাৰ প্ৰমাণ দিব। বিশেষজ্ঞ তিৰুমালাৰ উল্লেখিত বক্তব্যৰ আঁত ধৰি সমাৰ্থৰাম মহোদয়ে উল্লেখ কৰে যে এগ্ৰীষ্টেকত যেতিয়া কৃষক এগৰাকীৰ কৃষিভূমিৰ তথ্য সংলগ্ন হৈ যাব তেতিয়া তেওঁ কৃষি বিভাগে ৰূপায়ন কৰা আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ প্ৰয়োজনীয় যাবতীয় নথি-পত্ৰৰ বাবে কাৰ্যালয়ত যোৱাৰ প্ৰয়োজন নাথাকিব ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/00b5622f-c5d0-432b-a4fe-3dd00b446e3c/c96adbb7-b2c9-4e07-9792-d1c3c840cd76.jpg)
তাৰ পৰিবৰ্তে কৃষি বিভাগে কৃষক পৰিচয় নম্বৰ ব্যৱহাৰেৰে কৃষকগৰাকীৰ সম্পূৰ্ণ তথ্য নিমিষতে লাভ কৰিব পাৰিব। একেদৰেই প্ৰসন্ন শইকীয়াই ডিজিটেল শস্য জৰীপ এপ্লিকেচনত কেনেদৰে কৃষকৰ তথ্য অন্তৰ্ভুক্ত কৰিব লাগিব প্ৰশিক্ষণ দিয়াৰ লগতে সভাত উপস্থিত মাষ্টাৰ ট্ৰেইনাৰসকলৰ লগত মত বিনিময় কৰি বিভিন্ন মনত প্ৰশ্নৰো সমিধান দিয়ে।
আনুষ্ঠানত উপস্থিত থাকি কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজ'ৰিয়াই মাষ্টাৰ ট্ৰেইনাৰসকলক উৎসাহিত কৰি কয় যে কৃষকসকলৰ বৃহত্তৰ উন্নয়নৰ হকে আৰম্ভ কৰা এই ডিজিটেল শস্য জৰীপ আঁচনি সাফল্যমণ্ডিত কৰিব লাগিব। কৃষি সঞ্চালক ভাস্কৰ পেগুৱে ভাষণত উল্লেখ কৰে যে কৃষিভূমিৰ বেচা-কিনা তথা মিছন বসুন্ধৰাত এতিয়ালৈকে উন্নীত নোহোৱা ভূমিৰ ক্ষেত্ৰতো একো অসুবিধা নাই, সময়ত সেই নতুন হিতাধিকাৰীৰ তথ্য প'ৰ্টেলৰ লগত সংযুক্ত হৈ যাব, এয়া মাত্ৰ আৰম্ভণিহে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/a52a8151-f6d0-4dbc-a217-f69950e07b8b/6b6d322a-d6cb-4cf6-a31a-baaf12950eed.jpg)
তেওঁ লগতে কাইলৈ হ'ব লগা প্ৰশিক্ষণৰ কথা উল্লেখ কৰি কয় যে কাইলৈ বিশেষতঃ এম আই এছ সকলক জৰীপ সম্পন্ন কৰিবলৈ সমীক্ষক, পৰ্যবেক্ষক আৰু নিৰীক্ষকসকলৰ বাবে প'ৰ্টেলত নিৰ্দিষ্ট আই. ডি. সৃষ্টি কৰাৰ প্ৰশিক্ষণ দিয়া হ'ব।
আজিৰ এই প্ৰশিক্ষণত অসমৰ ২৯ খন জিলাৰ জিলা উন্নয়ন আয়ুক্ত, কৃষি আৰু ৰাজহ বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত তথা কৃষি আৰু ৰাজহ বিভাগৰ বিভিন্ন বিষয়ববীয়াকে ধৰি প্ৰায় ২০০ গৰাকী মাষ্টাৰ ট্ৰেইনাৰ উপস্থিত থাকে।