/asomiyapratidin/media/media_files/2025/10/15/whatsapp-image-2025-10-15-22-48-56.jpeg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ সদৰ থানাৰ অন্তৰ্গত ডিমৌ বিধানসভা সমষ্টিৰ অধীনস্থ দিচাং ঘাট গাঁৱৰ একেটা পৰিয়ালৰে দুগৰাকী বোৱাৰীক এজন ব্যক্তিয়ে অপহৰণ কৰি নিয়াৰ চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে ৷ অপহৰণকাৰীৰ কবলত পৰা মহিলা দুগৰাকী ক্ৰমে আফজল ইছলামৰ পত্নী শ্বেহনাজ ফেহমিদা ৰহমান ( ৩০) আৰু একেটা পৰিয়ালৰ বোৱাৰী তথা আশ্ৰাফুল ইছলামৰ পত্নী হুস্না বেগম ওৰফে মাচুম ( ৪০) বছৰ।
মঙলবাৰে দিনৰ প্ৰায় ১০ বজাত দুয়োগৰাকী মহিলাই স্বামীৰ অনুমতি সাপেক্ষে শিৱসাগৰ নগৰৰ এজন চিকিৎসকৰ ওচৰলৈ আহিছিল। তাৰ পাছৰে পৰা সম্ভেদ নাই দুই মহিলাৰ। বুধবাৰে দিনটোত দুই স্বামী আৰু পৰিয়ালৰ লোকে দুই নিৰুদিষ্ট মহিলাক বিচাৰি অভিযান চলোৱাত মহিলা দুগৰাকীক অপহৰণ কৰি নিয়াৰ চাঞ্চল্যকৰ সম্ভেদ লাভ কৰে। এই চাঞ্চল্যকৰ সম্ভেদ লাভ কৰি সন্ধিয়া দুই স্বামীয়ে শিৱসাগৰ সদৰ থানাত এখনি যৌথভাবে এজাহাৰ দাখিল কৰিছে।
এজাহাৰত স্বামীদ্বয়ে তেওঁলোক দুয়োৰে পত্নী ক্ৰমে শ্বেহনাজ ফেহমিদা ৰহমান আৰু হুস্না বেগম ওৰফে মাচুমক নগাঁও জিলাৰ চামগুৰি থানাৰ অন্তৰ্গত মাগুৰমাৰিৰ নিবাসী আইনুল আলমে শিৱসাগৰ নগৰৰ কোনো স্থানৰ পৰা অপহৰণ কৰি নিয়াৰ বিষয়ে উল্লেখ কৰিছে।