উজনিমুৱা ৰে'লে মহতিয়াই নিলে মাতৃ সহ দুই শিশুক...

উজনিমুৱা তীব্ৰবেগী এখন ৰেলে মাতৃ সহ দুই সন্তানক মহতিয়াই লৈ যায়। মৃত মহিলা গৰাকী মামণি দাস তেওঁৰ ছয় বছৰীয়া কন্যা জিয়া দাস আৰু দুই বছৰীয়া পুত্ৰ পিকি দাস বুলি ৰেল আৰক্ষীয়ে চিনাক্ত কৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ডবকাঃ   আজি বিয়লি ভাগত হোজাই জিলাৰ যমুনামুখত ৰেলৰ খুন্দাত মাতৃ সহ দুই কণমানি শিশুৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। যমুনামুখ- যোগীজান সংযোগী ৰেলপথৰ আহোমপোৰাত এই ঘটনাটো সংঘটিত হয়।

উজনিমুৱা তীব্ৰবেগী এখন ৰেলে মাতৃ সহ দুই সন্তানক মহতিয়াই লৈ যায়। মৃত মহিলা গৰাকী মামণি দাস তেওঁৰ ছয় বছৰীয়া কন্যা জিয়া দাস আৰু দুই বছৰীয়া পুত্ৰ পিকি দাস বুলি ৰেল আৰক্ষীয়ে চিনাক্ত কৰিছে।যমুনামুখ চাতকি পট্টিৰ বাসিন্দা মামনি দসে কি উদ্দেশ্যে তেওঁৰ দুই কণমানি শিশুক লগত সেই স্থানলৈ গৈছিল সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

যমুনামুখ ৰেল ষ্টেচনৰ পৰা তিনি কিলোমিটাৰ নিলগত সংঘটিত এই ঘটনাৰ পাছতে যমুনামুখ ৰেল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোওৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

ৰেল দুৰ্ঘটনা যমুনামুখ