New Update
/asomiyapratidin/media/media_files/2026/02/20/167-2026-02-20-12-38-29.jpg)
- APSC CCEত স্থান লাভ বজালীৰ ভোটান্ত সাদৰীৰ নিশামণি দাসৰ লগতে বজালী ভালাগুৰিৰৰ মিন্টু নাথৰ।
- Assistant Audit officer হিচাপে বাচনি লাভ কৰে নিশামণি দাসে।
- নিশামণিৰ এই সাফল্যত আনন্দিত পিতৃ-মাতৃৰ লগতে অঞ্চলটোৰ ৰাইজ ।
- স্বচ্ছ আৰু নিকাভাৱে এই পৰীক্ষা সুকলমে হোৱাত সুখী অনুভৱ কৰে নিশামণিয়ে ।
- দুবাৰকৈ বিফল হোৱাৰ পিছত তৃতীয়বাৰত পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি মন্তব্য।
- একেদৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা বজালীৰ ভালাগুৰিৰ মিন্টু নাথৰ ।
- সহকাৰী সমবায় পঞ্জীয়ক পদৰ দ্বিতীয় স্থান লাভ কৰে তেওঁ ।
- দুবাৰকৈ বিফল হৈও ধৈৰ্য্য আৰু একাগ্ৰতাৰ বাবে এইবাৰ সফলতা লাভ কৰিবলৈ সক্ষম হ'ল মিন্টু নাথ ।
- ২০২৩ চনৰ ADRE পৰীক্ষাতো তৃতীয় বৰ্গৰ এগৰাকী কৰ্মচাৰী হিচাপে নিযুক্তি পাইছিল তেওঁ ।
- বৰ্তমান বৰপেটা জিলা পুথিভঁৰালৰ কনিষ্ঠ সহায়ক পদত অধিষ্ঠিত হৈ আছে তেওঁ ।
- চাকৰিৰ সমান্তৰালকৈ অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলাইছিল তেওঁ ।
- মিন্টু নাথৰ এনে সফলতাত পিতৃ-মাতৃ উৎফুল্লিত হোৱাৰ লগতে ভালাগুৰি ৰঙালী বিহু সন্মিলনীৰ যুৱকসকলে জনাই উষ্ম আদৰণি ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us