/asomiyapratidin/media/media_files/2026/02/22/whatsapp-image-2026-2026-02-22-18-41-05.jpeg)
ডিজিটেল ডেস্কঃ অসম সাহিত্য সভাৰ অন্যতম শক্তিশালী শাখা "কইনাধৰা শাখা সাহিত্য সভা"ৰ উদ্যোগত আজি বিশিষ্ট সাহিত্যিক,অৱসৰী কৃষি বিজ্ঞানী ড°অৰুণ শৰ্মাৰ কবিতা সংকলন "জেৰেঙাৰ স্মৃতি" আৰু কৃষ্ণকান্ত নাথৰ কবিতা সংকলন "কদমী" শুভ উন্মোচন কৰা হয় । কইনাধৰা শাখা সাহিত্য সভাৰ সভাপতি ড° অৰুণ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শাখা সাহিত্য সভাৰ সম্পাদক বাসৱ কলিতাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/22/w-2026-02-22-18-38-37.jpeg)
সভাত বৰ্ষীয়ান সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ বিয়োগত এক মিনিট সময় মৌনতা অৱলম্বন কৰা হয়। ইপিনে সভাত গ্ৰন্থ উন্মোচন কৰি কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক তথা সাংবাদিক দীপক শৰ্মাই কয় যে - "গ্ৰন্থই সভ্যতা ধৰি ৰাখে। গ্ৰন্থ অধ্যয়নৰ জৰিয়তে দূৰৰ মাণিক ওচৰতে পাব পাৰি। অৰুণ শৰ্মাই কবিতাৰ মাজেদি সমাজৰ ছৱি উপস্থাপন কৰিছে।"
উল্লেখ্য যে- সভাত বিশিষ্ট অতিথি হিচাপে ভাষণ দিয়ে গণেশনগৰ স্বৰ্ণ শাখা সাহিত্য সভাৰ সম্পাদক নৱকান্ত মালাকৰে। সভাত মনোমোহন বৈশ্য, হৰেন্দ্ৰ নাথ কলিতা, গোলক বৰা, নৰ্মদা ডেকা, মলয়া ডেকা, হিমাদ্ৰী ফুকন, কিৰণ কলিতা, ফুলু কোঁৱৰ, মৰমী কলিতা, গজেন কলিতা, শশীন দাস, আৰতি ডেকা, নৃপেন চন্দ্ৰ বৈশ্য, ৰঙিলা ডেকা, অনিল ডেকা প্ৰভৃতিয়ে কবিতা, গীত-মাত পৰিৱেশন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/22/whatsapp-image-2026-02-22-18-38-54.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us