ডিজিটেল ডেস্কঃ হিমাচলপ্ৰদেশ বিজেপিৰ দুজন নেতাক এটা ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাছত নিলম্বন কৰা হয়। ৰাজ্যখনৰ কুল্লু জিলাৰ এজন বিজেপি নেতা আৰু এগৰাকী নেত্ৰীৰ এটি অশ্লীল ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ'টোত দুয়োকে দেখা গৈছে আপত্তিজনক অৱস্থাত। ইফালে, হিমাচলপ্ৰদেশ আৰক্ষীয়ে শনিবাৰে এই সন্দৰ্ভত ৰুজু কৰে এটা গোচৰ। প্ৰায় ১২.৩৫ মিনিটৰ এই ভিডিঅ'টো তেওঁলোকে নিজেই প্ৰথমে কেমেৰাত বন্দী কৰা বুলি সন্দেহ কৰা হৈছে।
উল্লেখ্য যে, এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত নিলম্বন কৰা বিজেপিৰ যুৱ শাখা ভাৰতীয় জনতা যুৱ মৰ্চাৰ নেতাগৰাকীৰ পত্নীয়ে লাভ কৰিছিল। পিছে এইটো ভিডিঅ' এতিয়াৰ নহয়। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতে ভিডিঅ'টো নেতাগৰাকীৰ সৈতে থকা মহিলা নেত্ৰী গৰাকীয়ে যেতিয়া হোৱাটএছত এই ভিডিঅ'টো প্ৰেৰণ কৰিছিল, তেতিয়া নেতাজনৰ পত্নীয়ে লাভ কৰিছিল এই ভিডিঅ'টো।
ইফালে, মহিলা আৰু নেতাগৰাকীৰ পত্নীৰ মাজত হোৱা কথা-বতৰাৰ প্ৰায় ১৩.০৫ মিনিটৰ এটা অডিঅ' ক্লিপো লাভ কৰিছে আৰক্ষীয়ে। য'ত নেতাগৰাকীৰ পত্নীয়ে মহিলাগৰাকীক তেওঁলোকৰ জীৱনৰ পৰা আঁতৰি যাবলৈ কয়।
প্ৰদেশ বিজেপি উপাধ্যক্ষ গণেশ দত্তই কয় যে, দুয়োজন নেতাই কুল্লু জিলাৰভাৰতীয় জনতা যুৱ মৰ্চা (বিজেৱাইএম)ৰ সৈতে জড়িত। কুল্লু আৰক্ষী অধীক্ষক গৌৰৱ সিঙেঘটনা সন্দৰ্ভত কয়- ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছত শনিবাৰে মহিলা নেত্ৰীগৰাকীয়ে আৰক্ষীথানাত এক অভিযোগ দাখিল কৰে। আৰু এই ঘটনা সন্দৰ্ভত এক গোচৰো ৰুজু কৰা হৈছে। লগতেআৰক্ষীৰ আন এগৰাকী উচ্চপদস্থ বিষয়াই কয়- 'ভিডিঅ'টো যিসকলে শ্বেয়াৰ কৰিছে বা কৰিবআৰু নিজৰ ম'বাইলত ভিডিঅ'টো ৰাখিব তেওঁলোকৰ বিৰুদ্ধে তদন্ত চলোৱা হ'ব।