/asomiyapratidin/media/media_files/2026/03/05/238-2026-03-05-20-17-10.jpg)
ডিজিটেল সংবাদ, মিৰ্জা : পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চানডুবিৰ সমীপৰ লোহাৰঘাটৰ মদনপুৰত বুধবাৰে বিয়লিৰ ভাগত মুখামুখি সংঘৰ্ষৰ ফলত দুজন বাইক আৰোহী নিহত হয়। এনে ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।
খবৰমতে, এই দুই বাইক আৰোহী লোহাৰঘাটৰ দেওপানী গোহাই বাকাৰাৰ ৰবীন ৰাভা(১৮) আৰু জজীৰ প্ৰাণজিত দাস(২৪) বুলি জানিব পৰা গৈছে। লগতে এই ঘটনাত MT বাহন AS-01-EE 6956 আৰু পালচাৰ বাইক AS- 03-Z-3474 দুখনৰো যথেষ্ট অনিষ্টসাধন হয়।
পিচত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ দুই বাইক আৰোহীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে। উল্লেখ যে,আৰক্ষী প্ৰশাসন তথা দল সংগঠন নিষ্কিয় ভূমিকাৰ বাবেই এই লোহাৰঘাটৰ পথচোৱা বৰ্তমান ৰেচিং ট্ৰেকত পৰিণত হৈছে।
ফলত সঘনাই এইদৰে বাইক আৰোহীৰ লগতে পথচাৰীয়ে মৃত্যুমুখত পৰিবলগীয়া হৈছে। লগতে এই পথছোৱাৰ প্ৰায় ঠাইতে দুয়োফালে বালি,মাটি,শিলভৰ্তি ট্ৰাক ডাম্পাৰ ৰখাই থোৱা,বালি দম কৰি ৰখা,পথছোৱাৰ ঠায়ে ঠায়ে বালি মাটি পৰি পথছোৱা যাতায়াতৰ অসুবিধা হোৱা,সুৰাপান কৰি একাংশ চালকে যান-বাহন চলোৱা,জধে মধে ট্ৰাক-ডাম্পাৰ আৰু ই ৰিক্সা চলোৱা আদি বিভিন্ন ঘটনাৰ বাবে পথছোৱা বিপদজনক হৈ পৰিছে।
বিশেষকৈ ভোলাগাঁৱৰ সমীপৰ বালাহপুৰৰ পৰা প্ৰায় চানডুবিলৈ একাংশ উদণ্ড বাইক চালক,যান-বাহন চালকৰ দৌৰাত্ম্যৰ বাবেও এই পথত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে। কিন্তু আৰক্ষী প্ৰশাসন তথা পৰিবহন বিভাগে বিশেষ কটকটীয়া ব্যৱস্থা গঢ়ি তুলিব নোৱাৰিলে। আনকি জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই যানবাহন দৌৰাত্ম্য ৰোধৰ বাবে টাস্ক ফোৰ্চ গঠন কৰিছিল যদিও কামত নাহিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us