এক্সপ'জাৰ মেচৰ বাবে অসমৰ দুটা জুনিয়ৰ ক্ৰিকেট দল ভডোদৰালৈ...

ঘৰুৱা ছিজন আৰম্ভ হোৱাৰ আগে আগে প্রয়োজনীয় এক্সপ’জাৰ প্রদানৰ বাবে থকা এচিএৰ পদক্ষেপৰ অংশ হিচাপে ১৯ আৰু ১৬ বছৰ অনুৰ্ধ্বৰ দুটা জুনিয়ৰ দলে ভডোদৰালৈ যাত্ৰা কৰিব।

author-image
Tushar Pratim
New Update
এক্সপ'জাৰ মেচৰ বাবে অসমৰ দুটা জুনিয়ৰ ক্ৰিকেট দল ভডোদৰালৈ...

ডিজিটেল ডেস্কঃঘৰুৱা ছিজন আৰম্ভ হোৱাৰ আগে আগে প্রয়োজনীয় এক্সপজাৰ প্রদানৰ বাবে থকা অসম ক্ৰিকেট সন্থাৰ পদক্ষেপৰ অংশ হিচাপে ক্ৰমে অহা ২২ আৰু ২৪ ছেপ্টেম্বৰত ১৯ আৰু ১৬ বছৰ অনুৰ্ধ্বৰ দুটা জুনিয়ৰ দলে ভডোদৰালৈ যাত্ৰা কৰিব।তাৰে ১৬ বছৰ অনুৰ্ধ দলে জে ৱাই লেলে সোঁৱৰণী দুদিনীয়া ক্ৰিকেট প্ৰতিযোগিতাত আৰু ১৯ অনুৰ্ধ্ব ৰিলায়েন্স জি ১ টুৰ্ণামেণ্টত সৌৰাষ্ট্ৰ, গুজৰাট আৰু বৰোদাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব।

১৯ অনুৰ্ধ দলৰ নেতৃত্বত থাকিব দ্যুতিময় নাথ। অমন যাদৱ থাকিব ১৬ বছৰ অনুৰ্ধ্ব দলৰ নেতৃত্বত।

এ চি এৰ সভাপতি তৰংগ গগৈয়ে এই সন্দৰ্ভত কয়,আমাৰ লক্ষ্য হৈছে ঘৰুৱা প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগেয়ে আমাৰ যুৱ ক্ৰিকেটাৰসকলক প্ৰতিযোগিতামূলক পৰিস্থিতিত সৰ্বাধিক মেচ অনুশীলন আৰু এক্সপজাৰ দিয়া। আনহাতে এ চি এৰ সম্পাদক ত্ৰিদিব কোঁৱৰে লগতে কয়, “ তৃণমূল পৰ্যায়ৰ প্ৰতিভাক লালন-পালন কৰাৰ বাবে এ চি এ প্ৰতিশ্ৰুতিবদ্ধ। এনে এক্সপজাৰ ভ্ৰমণ আমাৰ ৰোডমেপৰে অংশ, যিয়ে অসমৰ বেঞ্চৰ শক্তি শক্তিশালী কৰাৰ লগতে আমাৰ জুনিয়ৰ দলসমূহক নিজৰ দক্ষতা প্ৰদৰ্শনৰবাবে সঠিক মঞ্চ প্ৰদান কৰিব।

অসমৰ ১৯ বছৰ অনুৰ্ধ্ব লৰাৰ দলটো: দ্যুতিময় নাথ (অধিনায়ক), হৃষিকেশ দাস, দিপাংকৰ পাল, পৃথ্বী ৰাজ কাশ্যপ, তুষাৰ ৰুদ্ৰ বৰা (উইকেটকীপাৰ), প্ৰবাল কলিতা (উইকেটকীপাৰ), শিৱেন্দ্ৰ মনীষ মাহাতো, হৃতিক ধৰ, জুলিয়েন কোঁৱৰ, অমিত চৌধুৰী, আৰমান আলী, আলহাম ৱাহিদ, বৈভৱ আনন্দ বৰা, মকচুদ উদ্দিন, নন্দন পাটৰ, অজিত কুমাৰ যাদৱ, প্ৰণৱ গগৈ, বিকাশ কুমাৰ যাদৱ আৰু বৰুণ জ্যোতি মালাকাৰ।

অসমৰ ১৬ বছৰ অনুৰ্ধ লৰাৰ দল: অমন যাদৱ (অধিনায়ক), নীৰজ ওৰাং, মৃণ্ময় দাস, ধৃতিমান দাস, সুৰজিত শইকীয়া, স্বৰ্ণৱ শ্ৰীহিত গুৰু দাস, ভৈৰৱ কাকতি, ভৱ্যমন্যু বৰুৱা, কল্যাণ শইকীয়া, প্ৰিন্স বৰা, নিত্ৰিক ৰাজ গগৈ, কাৰ্তিক চেতিয়া, দীপাংকৰ বৰদলৈ, প্ৰণীত পাগাৰীয়া, অংশুমান চাহানী, অভিজিত সূত্ৰধৰ (উইকেটকীপাৰ), সমীৰ মাহাতো, দ্বিগ্বিজয় নিউপানয় চেত্ৰী, মহঃ মেহদি ইছলাম (উইকেটকীপাৰ) আৰু অৰ্জুন ৰাধা বৰা।

ক্ৰিকেট অসম ক্ৰিকেট