ৰঙাপৰা ৰে'ল ষ্টেচনত লক্ষাধিক টকাৰ নিচাযুক্ত দ্ৰব্যসহ দুজনক আটক

ৰঙাপৰা ৰে'ল ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে । লাচিত এক্সপ্ৰেছ যাত্ৰীবাহী ৰে'লত ৰঙাপৰা আৰ পি এফ, জি আৰ পি এফ আৰু চি পি দি এছৰ যৌথ তহলদাৰী দলে ৰে'লখনত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷

author-image
Asomiya Pratidin
New Update
214

ডিজিটেল সংবাদ, জামুগুৰিহাট : ৰঙাপৰা ৰে'ল ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে । লাচিত এক্সপ্ৰেছ যাত্ৰীবাহী ৰে'লত ৰঙাপৰা আৰ পি এফ, জি আৰ পি এফ আৰু চি পি দি এছৰ যৌথ তহলদাৰী দলে ৰে'লখনত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷

যাত্ৰীবাহী ৰে'লখনৰ পৰা অভিযানকাৰী দলটিয়ে মাজবাটৰ মুৰকাটি গাঁৱৰ সঞ্জন সাচদা নামৰ এজন ব্যক্তি আৰু অঞ্জনা সাচদা নামৰ এগৰাকী মহিলাৰ পৰা প্ৰায় ১০ কিলো ৬৩ গ্ৰাম ওজনৰ গাঞ্জা জব্দ কৰে ৷ জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় ১ লাখ ১০ হাজাৰ টকা হ'ব বুলি ৰে'লৱে আৰক্ষীয়ে জানিবলৈ দিছে।

উক্ত গাঞ্জাখিনি মাজবাটৰ পৰা গহপুৰলৈ নিয়া পৰিকল্পনা কৰিছিল গাঞ্জা সৰবৰাহকাৰীয়ে ৷

ৰঙাপৰা