Advertisment

বনমালি সূত আত্মহত্যা কাণ্ডৰ মূল অভিযুক্ত যোগেশ বৰুৱাসহ দুজনক গ্ৰেপ্তাৰ

শংকৰদেৱ শিশু নিকেতন ঢকুৱাখনাৰ প্ৰধানাচাৰ্য বনমালি সূতৰ আত্মহনন ঘটনাৰ পাছত দেওবাৰে ঢকুৱাখনা আৰক্ষীয়ে ৩গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
dhakuakhana

dhakuakhana

ডিজিটেল সংবাদ, ঢকুৱাখনা : কেৱল ঢকুৱাখনাৰে নহয় ৰাজ্যখনৰ শৈক্ষিক মহলক জোকাৰি যোৱা এক মৰ্মান্তিক আত্মহত্যাৰ ঘটনা । শংকৰদেৱ শিশু নিকেতন ঢকুৱাখনাৰ প্ৰধানাচাৰ্য বনমালি সূতৰ আত্মহনন ঘটনাৰ পাছত দেওবাৰে ঢকুৱাখনা আৰক্ষীয়ে ৩গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Advertisment

 

আৰক্ষীয়ে এজাহাৰত নাম উল্লেখ থকা মূল অভিযুক্ত যোগেশ  বৰুৱা (ধনকণ), প্রিয়ৰাম ফুকন, নৱ কোঁৱৰক গ্ৰেপ্তাৰ কৰে । ঢকুৱাখনা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্রিয়ব্ৰত গগৈৰ নেতৃত্বত চলোৱা অভিযান কালত এই তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰে ।

dhakuakhana
dhakuakhana

 

উল্লেখযোগ্য যে ঢকুৱাখনা সদৰ থানাত পঞ্জীভূত গোচৰ নং- ১১৪/২৪ ৰ ভাৰতীয় ন্যায় সংহিতাৰ ১০৮/৩(৫)ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় এইসকল অভিযুক্তক। ঢকুৱাখনাৰ শৈক্ষিক জগতৰ এগৰাকী সমুজ্জল নক্ষত্ৰ স্বৰূপ বনমালি সূতৰ অপমৃত্যুৰ লগত এই ন্যস্ত স্বাৰ্থ জড়িত অপশক্তিতো জড়িত থকাৰ প্ৰামানিক তথ্য উত্থাপন কৰি দেওবাৰে ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত হয় ঢকুৱাখনাত ।

মূল অভিযুক্ত
মূল অভিযুক্ত

 

এগৰাকী  নিৰ্জু ,স্বল্পভাষী, বিনয়ী শিক্ষাগুৰু তথা যোগ সাধক বনমালি সূতৰ আত্মহত্যাৰ সৈতে ঢকুৱাখনাৰ যোগেশ বৰুৱাক মূল অভিযুক্ত আৰু অন্য ১৬জনক দৃষ্টান্ত মূলক শাস্তিৰ দাবীত দেওবাৰে ঢকুৱাখনা সদৰ থানাত সবল প্ৰতিবাদ সাব্যস্ত কৰে ঘাহি গাঁওবাসী ন্যায়কামী ৰাইজে। গাঁৱখনৰ ৰাইজে নগৰ চাৰিআলিৰ পৰা প্ৰতিবাদী সমদল কৰি ঢকুৱাখনা সদৰ থানাৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে।

প্ৰধান আচাৰ্য বনমালি সূতক মানসিক নিৰ্যাতন চলাই আত্মহত্যা কৰিবলৈ বাধ্য কৰা কাণ্ডৰ মূলনায়ক যোগেশ বৰুৱা ওৰফে ধনকণক আজীৱন কাৰাদণ্ড বিহক , এগৰাকী মানৱ সম্পদ গঢ়াৰ খনিকৰ প্ৰধানাচাৰ্য বনমালি সূতৰ ওপৰত পৰিকল্পিত চক্ৰান্ত কৰি অহা বিতৰ্কিত ব্যক্তি যোগেশ বৰুৱা নিপাত যাওক, বনমালি সূতৰ মৃত্যুৰ ন্যায় বিচাৰ লাগে আদি শ্লগানে পৰিৱেশ উত্তাল কৰে ৰাইজে।

dhakuakhana
dhakuakhana

 

ক্ষোভিত ৰাইজে, অভিযুক্ত অন্য ১৬গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰক, ন্যস্ত স্বাৰ্থ সিদ্ধিৰ কৌশলেৰে বিনয়ী প্ৰধানাচাৰ্য সূতৰ ওপৰত অপবাদ জাপি দি অভীষ্ট সিদ্ধিৰ  কৌশল কৰা যোগেশ বৰুৱাক কঠোৰ শাস্তি বিহক , প্ৰধানাচাৰ্যক অকথ্য মানসিক নিৰ্যাতন চলাই আত্মহত্যা কৰিবলৈ বাধ্য কৰা যোগেশ বৰুৱাসহ অন্য ১৬ জনক দৃষ্টান্তমূলক শাস্তি বিহক আদি বিভিন্ন শ্লোগান দি থানাৰ সন্মুখত উত্তাল পৰিবেশৰ সৃষ্টি কৰে ।

সুদীর্ঘ সময় প্ৰতিবাদী কাৰ্যসূচীৰে পৰিবেশ উত্তাল কৰাৰ পাছত ঢকুৱাখনা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্রিয়ব্ৰত গগৈ ,মহকুমা আৰক্ষী বিষয়া লিনটো বৰা ৰাইজৰ মাজত উপস্থিত হৈ প্ৰতিবাদী ৰাইজৰ সতে আলোচনাত মিলিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উল্লেখযোগ্য যে নিকেতনৰ শিশু কুঞ্জৰ মুৰব্বী দেৱযানী চমুৱাক প্ৰধানাচাৰ্য পদত অধিষ্ঠিত কৰাৰ বাবে এই মতলবী স্বাৰ্থপৰ চক্ৰটোৱে পৰিকল্পিত চক্ৰান্ত চলাই অহাতো পোহৰলৈ অহাত ৰাইজে এইগৰাকী ব্যক্তিকো তদন্তৰ আওতালৈ অনাৰ ৰাজহুৱা দাবী জনায়।

dhakuakhana
dhakuakhana

 

স্মৰ্তব্য যে এইগৰাকী মূল অভিযুক্ত যোগেশ বৰুৱাৰ বিৰুদ্ধে ঢকুৱাখনা সদৰ থানাত  পূৰ্বে নাৰীজনিত গোচৰ  পঞ্জীভূত হোৱা বুলি ৰাইজে তথ্য সদৰী কৰি এনে দুঃচৰিত্ৰৰ ব্যক্তিক সমাজৰ কলংক হিচাপে অভিহিত কৰি উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনায়। ইপিনে ঢকুৱাখনা ব্যৱসায় সন্থাৰ সভাপতিৰ পদত কাৰ্যনিৰ্বাহ কৰি থকা এইজন অসৎ প্ৰকৃতিৰ ব্যক্তিৰ ওপৰত কঠোৰ বিধিগত ব্যৱস্থা গ্ৰহণ কৰিছে ব্যৱসায় সন্থাই ।

দেওবাৰে ধৰমশালা ভৱন প্ৰাঙ্গনত কাৰ্যকৰী সভাপতি নিত্যা বৰগোঁহাইৰ সভাপতিত্বত অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ বৈঠক । বৈঠকত সৰ্বসন্মত ভাবে তাৎক্ষণিক ভাৱে কাৰ্যকৰী হোৱাকৈ  যোগেশ বৰুৱাক সন্থাৰ সভাপতি পদৰ পৰা অব্যাহতি দিয়ে ।

বৈঠকে কাৰ্যকৰী সভাপতি নিত্যা বৰগোঁহাইক সভাপতি আৰু সুৰেশ দাসক কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়ে । তাৰোপৰি বৈঠকে অভিযুক্ত যোগেশ বৰুৱাক আইনগত শাস্তি বিহাৰ বাবে আৰক্ষী প্ৰশাসনক আহ্বান জনায় এক স্মাৰকপত্ৰ প্ৰদানৰো প্ৰস্তাৱ গ্ৰহণ কৰে ।

dhakuakhana Assam police