/asomiyapratidin/media/media_files/2025/12/21/503-2025-12-21-12-42-13.jpg)
ডিজিটেল সংবাদ, শিলচৰ : মেঘালয়ৰ ইষ্ট জয়ন্তীয়া হিলছ জিলাত আই ই ডি বিস্ফোৰণৰ সৈতে জড়িত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে মেঘালয় আৰক্ষীয়ে। ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ লুমছুং এলেকাত থকা ধৰ কনষ্ট্ৰাকছন কোম্পানী চৌহদত আই ই ডি বিস্ফোৰণৰ সৈতে জড়িত আছিল যুৱক দুজন।
বিস্ফোৰণৰ ফলত কোম্পানীটোৰ পানী সৰবৰাহ কৰা এখন টেংকাৰৰ ব্যাপক ক্ষতি সাধন হৈছিল। লুমছুং আৰক্ষীয়ে অভিযান চলাই বিস্ফোৰণৰ সৈতে জৰিত দুজন যুৱকক গ্ৰেপ্তাৰ কৰে।
ধৃত অভিযুক্ত দুজন ৰিচাৰ্ড ছুছেন আৰু পিনচাইট বৰ ছিহ। দুয়োজনৰ ঘৰ ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ ছিমপ্লং গাঁৱত। ধৃত ব্যক্তি দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আই ই ডি বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ড তথা নিষিদ্ধ উগ্ৰপন্থী সংগঠন HNLC ৰ দুৰ্ধৰ্ষ কেডাৰ স্মিকী টংপাৰৰ ঘৰৰ পৰা বুজণ পৰিমাণৰ বিস্ফোৰক আৰু এটা ৰাইফল জব্দ কৰে।
ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ আৰক্ষী অধীক্ষক বিকাশ কুমাৰে সদৰী কৰা মতে, উগ্ৰপন্থীজনৰ ঘৰৰ পৰা আৰক্ষীয়ে এটা কান্ত্ৰি মেড ৰাইফল, ৫ডাল চেফটি ফিউজ,৩ ডাল ডিটনেটৰ,৬ টা খালী ডিটনেটৰৰ কেপ,কিছু গান পাউডাৰ,৮২ ডাল সৰু স্প্লিল্টাৰসহ অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰে। সামগ্ৰীসমূহ জব্দ কৰিলেও উগ্ৰপন্থী স্মিকী টংপাৰক আটক কৰিব পৰা আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us