APSC পৰীক্ষাত স্থানপ্ৰাপ্ত দুগৰাকী কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা

এই.পি.এছ.চি সংযুক্ত প্ৰতিযোগিতামূলক ২০২৪ বৰ্ষৰ পৰীক্ষাত পলাশবাৰী সমষ্টিৰ সৰপাৰাৰ দুগৰাকী শিক্ষাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ দক্ষিণ কামৰূপৰ লগতে সৰপাৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে। 

author-image
Asomiya Pratidin
New Update
KRITIITIT

ডিজিটেল সংবাদ, মিৰ্জাঃ সদ্যঘোষিত অসম লোকসেৱা আয়োগ (এই.পি.এছ.চি) সংযুক্ত প্ৰতিযোগিতামূলক ২০২৪ বৰ্ষৰ পৰীক্ষাত পলাশবাৰী সমষ্টিৰ সৰপাৰাৰ দুগৰাকী শিক্ষাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ দক্ষিণ কামৰূপৰ লগতে সৰপাৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে। 

উক্ত পৰীক্ষাত কৰ পৰিদৰ্শকৰ শাখাত সৰপাৰাৰ বীৰেন চন্দ্ৰ ডেকা আৰু হিৰণ ডেকাৰ কন্যা হৃতৃষ্ণা ডেকাই প্ৰথম স্থান আৰু সুৰেন্দ্ৰ মোহন ডেকা আৰু প্ৰতিমা ডেকাৰ পুত্ৰ গৌৰৱ ডেকাই ১৮ সংখ্যক স্থান দখল কৰি সুনাম কঢ়িয়াই আনে। এই কৃতি শিক্ষাৰ্থী দুগৰাকীক যোৱা ২৪ ফেব্ৰুৱাৰীত সৰপাৰাৰ নিজ বাসগৃহত অসম সাহিত্য সভাৰ স্বীকৃতিপ্ৰাপ্ত সৰপাৰা স্বৰ্ণশাখা সাহিত্য সভাৰ বিষয়ববীয়াই উপস্থিত হৈ একোখনকৈ ফুলাম গামোচা, মানপত্ৰ, মোমেণ্টৰে সম্বৰ্ধনা জনায়। 

সৰপাৰা স্বৰ্ণশাখা সাহিত্য সভাৰ সাধাৰণ সম্পাদক ত্ৰৈলোক্য ডেকাই আঁতধৰা এই অনুষ্ঠানত সভাপতি প্ৰবীণ চন্দ্ৰ দাস, উপ-সভাপতি দিলীপ কুমাৰ দাস, উপদেষ্টা প্ৰভাত ডেকা, অমৃত দেৱান, কাৰ্যনিৰ্বাহক সদস্য ভদ্ৰেশ্বৰ ঠাকুৰীয়াই উপস্থিত থাকি কৃতি শিক্ষাৰ্থী দুগৰাকীক প্ৰেৰণা যোগোৱাৰ লগতে উজ্বল ভৱিষ্যত কামনা কৰে।

apsc