জয় জুবিন দা ধ্বনিৰে মুখৰিত তেজপুৰ বিশ্ববিদ্যালয়ৰ আকাশ বতাহ

উপাচাৰ্যগৰাকীয়ে সংঘটিত কৰা কোটি কোটি টকাৰ দুৰ্নীতি অনিয়মৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2

ডিজিটেল সংবাদ,তেজপুৰঃ  এতিয়াও শান্ত হোৱা নাই তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদ। ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক আৰু কৰ্মচাৰীসকলেও  তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। ইপিনে জয় জুবিন দা ধ্বনিৰে মুখৰিত হৈ পৰিছে তেজপুৰ বিশ্ববিদ্যালয়ৰ আকাশ-বতাহ। পলাতক উপাচাৰ্য শম্ভূনাথ সিঙৰ বিয়াগোম কেলেংকাৰীক লৈ আজিও তেজপুৰ বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিৱেশ। 

উল্লেখ্য যে, উপাচাৰ্যগৰাকীয়ে সংঘটিত কৰা কোটি কোটি টকাৰ দুৰ্নীতি অনিয়মৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ। এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক আৰু কৰ্মচাৰীসকলেও উপাচাৰ্য শম্ভূনাথ সিঙৰ বিয়াগোম কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। প্ৰতিবাদত উত্তাল কৰি তুলে তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌপাশ। 

তেজপুৰ তেজপুৰ বিশ্ববিদ্যালয়