/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/c5b397c9-52b0-4153-8ec3-f4cd3034fb82/tuwaram_29.jpg)
বটদ্ৰৱাৰ অৱসৰপ্ৰাপ্ত কৃৰ্তি শিক্ষক তুৱাৰাম কলিতাৰ মৃত্যুত শোক
ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা সৰুহিছা গাঁও নিৱাসী অৱসৰপ্ৰাপ্ত কৃৰ্তি শিক্ষক তুৱাৰাম কলিতাৰ আজি পুৱা নিজ বাসগৃহত বিয়োগ হয়। ৮০ বছৰীয়া কলিতা বিগত কিছু বছৰ ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ নগাঁও, গুৱাহাটীৰ কেইবাগৰাকী চিকিৎসকৰ চিকিৎসা গ্ৰহণ কৰি আছিল।
বটদ্ৰৱা শলগুৰি সত্ৰৰ এটি সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰি উচ্চ শিক্ষাৰে শিক্ষিত হৈ বটদ্ৰৱাৰ কেইজনমান শিক্ষিত ব্যক্তিৰ সহযোগত সতী ৰাধিকা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা কৰি বটদ্ৰৱাত নাৰী শিক্ষাৰ বাটকটীয়া হিচাপে পৰিগণিত হৈছিল। অমায়িক, শান্ত প্ৰকৃতিৰ, মৰমীয়াল তুৱাৰাম কলিতা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি শ্ৰদ্ধাৰ ব্যক্তি আছিল।
কলিতাৰ বিয়োগত সতী ৰাধিকা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক কৰুণানন্দ দেৱ গোস্বামী, বৰ্তমানৰ প্ৰধান শিক্ষক ফকৰুদ্দিন আলি আহমেদকে প্ৰমুখ্য কৰি শিক্ষকবৃন্দ, আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰমোহন বৰুৱা, শিল্পী ৰঞ্জিত মহন্তকে আদি কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিবিশেষে গভীৰ শোক প্ৰকাশ কৰিছে।
মৃত্যুৰ সময়ত তুৱাৰাম কলিতাই একমাত্ৰ পুত্ৰ নীলকমল কলিতা, বোৱাৰী, নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।