উত্তপ্ত কাৰ্বি ভূমি! খেৰণিত তুলিৰামৰ ঘৰ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে...

প্ৰায় ১৫দিন ধৰি কাৰ্বি আংলংবাসীয়ে সাব্যস্ত ৰখা প্ৰতিবাদে সোমবাৰৰ দিনটোত অধিক উত্তপ্ত হৈ উঠিল।  কাৰ্বি ভূমিত অনা কাৰ্বি লোকৰ অগ্ৰাসনৰ বিৰুদ্ধে কাৰ্বি আংলং বাসীয়ে সাব্যস্ত কৰিছিল প্ৰতিবাদ। কাৰ্বিভূমিৰ এনে অঞ্চলত

author-image
Asomiya Pratidin
New Update
4e6d150c-bedd-40c1-8def-f9910ba1fc24

ডিজিটেল ডেস্কঃ প্ৰায় ১৫দিন ধৰি কাৰ্বি আংলংবাসীয়ে সাব্যস্ত ৰখা প্ৰতিবাদে সোমবাৰৰ দিনটোত অধিক উত্তপ্ত হৈ উঠিল।  কাৰ্বি ভূমিত অনা কাৰ্বি লোকৰ অগ্ৰাসনৰ বিৰুদ্ধে কাৰ্বি আংলং বাসীয়ে সাব্যস্ত কৰিছিল প্ৰতিবাদ। কাৰ্বিভূমিৰ এনে অঞ্চলত অচিৰেই উচ্ছেদ চলাব বুলি বাৰে বাৰে ঘোষণা কৰিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল প্ৰশাসনে। চলিত বৰ্ষৰ ফেব্ৰুৰাৰী মাহৰ পৰাই এনে ভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি ৰাখিছিল কাৰ্বি ৰাইজে।

সোমবাৰৰ দিনটোত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল ৰাইজৰ। প্ৰতিবাদে ল’লে ভয়ংকৰ ৰূপ। দেওবাৰে নিশা ৩গৰাকীকৈ প্ৰতিবাদকাৰীক আটক কৰি লৈ যোৱাৰ পিছতে প্ৰতিবাদকাৰীয়ে সোমবাৰে জ্বলাই দিয়ে KAACৰ CEM তুলিৰাম ৰংহাঙৰ বাসগৃহ। অনশনত বহি থকা প্ৰতিবাদকাৰীক আটক কৰাৰ পিছতে অধিক উগ্ৰ হৈ উঠে জনতা।

ৰুদ্ৰমূৰ্তি ধাৰণ কৰি জনতাই খেৰণিস্থিত তুলিৰাম ৰংহাঙৰ পুৰণি বাসগৃহটো জ্বলাই দিয়ে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কৰা গুলীচালনাত ৩গৰাকীকৈ লোক আহত হৈছে। বৰ্তমানো পৰিৱেশ শান্ত হোৱা নাই। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত বৰ্তমানেও চলি আছে হতাহতি।

উল্লেখ কৰা প্ৰয়োজন যে, সোমবাৰে পুৱাৰ ভাগত তুলিৰাম ৰংহাঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে, প্ৰতিবাদকাৰীসকলক আটক কৰা নাই। উন্নত চিকিতসাৰ বাবেহে গুৱাহাটীলৈ লৈ যোৱা হৈছে। তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে প্ৰতিবাদৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। প্ৰতিবাদকাৰীসকলে বিগত ১৫দিনে দাবী কৰি আহিছিল যে, এই বিষয়টোক লৈ তুলিৰাম ৰংহাঙৰ লগতে মুখ্যমন্ত্ৰী পৰ্যায়ত এক আলোচনা তেওঁলোকৰ সৈতে হওঁক।

তুলিৰাম ৰংহাং