কিয় ৰুদ্ৰমূৰ্তি ধাৰণ কৰিলে প্ৰতিবাদকাৰীয়ে! ক'লে তুলিৰামে...

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিস্থিত KAACৰ CEM বাসগৃহ জ্বলাই দিয়া বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তুলিৰাম ৰংহাঙে। তেওঁ কয় যে, অনা কাৰ্বি এই লোকসকলক উচ্ছেদৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি এক জাননী দিয়া হৈছিল।

author-image
Asomiya Pratidin
New Update
dddd

ডিজিটেল ডেস্কঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিস্থিত KAACৰ CEM বাসগৃহ জ্বলাই দিয়া বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তুলিৰাম ৰংহাঙে। তেওঁ কয় যে, অনা কাৰ্বি এই লোকসকলক উচ্ছেদৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি এক জাননী দিয়া হৈছিল। ১৫দিনৰ ভিতৰত উক্ত স্থানত উচ্ছেদ চলাৰ কথা জনোৱা হৈছিল। কিন্তু উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন পি আই এলৰ বাবে এয়া সময়মতে সম্ভৱ হৈ নুঠিল বুলি কয় তুলিৰামে।

তুলিৰামে লগতে কয় যে, কৰ্টত কেছ চলি থকা সময়ত উচ্ছেদ কৰিব নোৱাৰি। আমি আলাপ আলোচনাৰ জৰিয়তে সমস্যাটো সমাধান কৰিব বুলি প্ৰতিবাদকাৰীসকলক কৈছিলো। কিন্তু তেওঁলোকে আমাৰ পৰা লিখিতভাৱে এই প্ৰতিশ্ৰুতি বিচাৰিছিল। সোমবাৰে বিয়লি ৪বজাত প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনা কৰাৰ কথা আছিল বুলিও সদৰি কৰে তুলিৰামে।

আনফালে দেওবাৰে নিশা কেইবাগৰাকীও প্ৰতিবাদকাৰীক আৰক্ষীয়ে গুৱাহাটীলৈ আটক অনা বিষয়টোক লৈ তুলিৰামে কয় যে, আৰক্ষীয়ে চিকিতসাৰ বাবেহে তেওঁলোকক গুৱাহাটীলৈ লৈ গৈছে। তেওঁলোকক আটক কৰা নাই আৰক্ষীয়ে। ভুল বুজাবুজিৰ বাবে এনে পৰিস্থিতি সৃষ্টি হোৱা বুলিও কয় KAACৰ CEM গৰাকীয়ে।

তুলিৰাম ৰংহাং