কামপুৰৰ বিশিষ্ট শিক্ষাবিদ, বৈষ্ণৱ তুলসী মোহন বৰাৰ মৃত্যুত শোক...

দক্ষিণ নগাঁও জিলাৰ বুৰঞ্জী জ্ঞান সমৃদ্ধ অৱসৰী অধ্যক্ষ, ভিন্ন চিন্তাৰ ইতিহাস গ্ৰন্থৰ লেখক কামপুৰ চহৰৰ তুলসী মোহন বৰাৰ ৭১ বছৰ বয়সত আজি পুৱা মৃত্যু হয়।

author-image
Asomiya Pratidin
New Update
কামপুৰৰ বিশিষ্ট শিক্ষাবিদ, বৈষ্ণৱ তুলসী মোহন বৰাৰ মৃত্যুত শোক...

ডিজিটেল সংবাদ কামপুৰঃ দক্ষিণ নগাঁও জিলাৰ বুৰঞ্জী জ্ঞান সমৃদ্ধ অৱসৰী অধ্যক্ষ, ভিন্ন চিন্তাৰ ইতিহাস গ্ৰন্থৰ লেখক কামপুৰ চহৰৰ তুলসী মোহন বৰাৰ ৭১ বছৰ বয়সত আজি পুৱা মৃত্যু হয়। মৃত বৰা আছিল এগৰাকী যুক্তিবাদী ব্যক্তি।

Advertisment

প্ৰয়াত বৰাই গুৰুজনাৰ সমন্বয়ৰ অসমখনৰ পোষকতা কৰি তেওঁৰ জন্মস্থান কাৰ্বি পাহাৰৰ কাষৰ শিঙিমাৰী মাখন বস্তিৰ চতুৰ্পাসৰ চাহ বাগানীয়া লোকসকলকো তেওঁলোকৰ ধৰ্মীয় চিন্তাৰ উৰ্ধলৈ গৈ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত কৰিবলৈ সক্ষম হৈছিল। 

কামপুৰৰ পৰা বৈঠালাংচুৰ সুদীৰ্ঘ এলেকাৰ জনপ্ৰিয় সৰবৰহী ব্যক্তি আছিল তুলসী মোহন বৰা। মৃত বৰাই শংকৰদেৱ সংঘ কামপুৰ জিলাৰ উপসভাপতি পদো অলংকৃত আছিল ।

আজি বৰাৰ মৃতদেহত আজি কামপুৰ জিলা হৰি মন্দিৰ আৰু বাহাকাবাৰী হায়াৰ ছেকেণ্ডাৰীৰ শিক্ষক ছাত্ৰ-ছাত্ৰীয়ে গামোচা ফুলৰ মালাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। কামপুৰ উন্নতি সাধিনী সভা, জ্যেষ্ঠ নাগৰিক সংস্থা, ভাৰতীয় গণনাট্য সংঘকে ধৰি একাধিক সংগঠন, সংস্থাৰ লগতে সৰ্বস্তৰৰ ৰাইজে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। 

পিছত তেওঁৰ শেষত জন্মস্থান মাখন বস্তিত বহু গুণমুগ্ধৰ উপস্থিতিত ৰাজহুৱাভাৱে শেষকৃত্য সমাপন কৰা হয় । মৃত্যুৰ সময়ত তেওঁ পত্নী , পুত্ৰ-জীৰ লগতে বহু আত্মীয়ক এৰি থৈ গৈছে ।

কামপুৰ