প্ৰবীণ শিক্ষাবিদ, বৈষ্ণৱী সংগী তুলাৰাম কোচৰ দেহাবসান

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ একনিষ্ঠ সেৱক, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা শাখাৰ বয়স্ক সংগী তুলাৰাম কোচৰ দেহাবসান ঘটিছে।

author-image
Asomiya Pratidin
New Update
erwwew

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ একনিষ্ঠ সেৱক, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা শাখাৰ বয়স্ক সংগী তুলাৰাম কোচৰ দেহাবসান ঘটিছে। শুকুৰবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত প্ৰবীণ বৈষ্ণৱী সাধক গৰাকীয়ে ঢকুৱাখনাৰ পানীগাঁওস্থিত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত ধৰ্মপ্ৰাণ কোচৰ বয়স হৈছিল প্ৰায় ৮৩ বছৰ। 

গুৰুজনাৰ আদৰ্শ আৰু ভক্তি মাৰ্গ ভকত বৈষ্ণৱ সমাজত প্ৰচাৰ আৰু প্ৰসাৰত আমৃত্যু আত্মনিয়োগ কৰি যোৱা কোচ বাপৰ বিয়োগত সমগ্ৰ ঢকুৱাখনাত শোকৰ ছাঁ পৰিছে। বিগত কিছুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ থকা সমাজপ্ৰাণ কোচে মৃত্যুৰ সময়ত পত্নী চেনিমাই কোচ, তিনি কন্যা এগৰাকী পুত্ৰ সহ অজস্ৰ ইষ্ট কুটুম্ব, গুণমুগ্ধক ইস সংসাৰত এৰি থৈ গৈছে।

WhatsApp Image 2026-03-07 at 8.06.36 AM

ঢকুৱাখনাত আনুষ্ঠানিক শিক্ষাৰ বুনিয়াদ গঢ়াত অক্লান্ত মনোনিবেশ কৰি যোৱা কোচে জালভাৰী মজলীয়া বিদ্যালয়ত বহু বছৰ শিক্ষকতাৰ সেৱা আগবঢ়াই পূব ঢকুৱাখনা মজলীয়া বিদ্যালয়ৰ পৰা ২০০১ চনৰ জানুৱাৰী মাহত প্ৰধান শিক্ষক হিচাবে অৱসৰ গ্ৰহণ কৰিছিল।

বৃহত্তৰ পশ্চিম মাছখোৱাৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ সতে নিবিড় ভাবে জড়িত সমাজহিতৈষী কোচৰ শনিবাৰে পুৱা পানীগাঁও ৰাজহুৱা শ্মশানত ধৰ্মীয় পৰম্পৰাৰে শোকাকূল পৰিৱেশত শেষকৃত্য সম্পন্ন কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাৰ্হি আঞ্চলিকৰ উপদেষ্টা, সংঘৰ ঢকুৱাখনা জিলা সমিতিৰ উপ সভাপতি, শংকৰী সংগীত বিদ্যালয়, ঢকুৱাখনাৰ প্ৰাক্তন অধ্যক্ষ হিচাপে আমৃত্যু অতুল্য সেৱা আগবঢ়াই যোৱা বৈকুণ্ঠী বৈষ্ণৱ কোচৰ মহা প্ৰয়ানত সংঘৰ মূলৰ সদস্য বগেন কোচ, দেৱ গগৈ, সংঘৰ ঢকুৱাখনা জিলা সমিতি, হাৰ্হি আঞ্চলিক শাখাৰ সভাপতি ধনীৰাম বৰা, সম্পাদক পৱন বৰা, পানীগাঁও প্ৰাথমিক শাখা, ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়া, পানী গাঁও উন্নয়ন সমিতি, পশ্চিম মাছখোৱাৰ বিভিন্ন ব্যক্তি সংগঠনৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছে। 

ঢকুৱাখনা