প্ৰব্ৰজিত শ্ৰমিকক মাহে পাঁচ হেজাৰ টকাৰ সাহায্যৰ দাবী…

প্ৰব্ৰজিত শ্ৰমিকক মাহে পাঁচ হেজাৰ টকাৰ সাহায্যৰ দাবী…
Published on
Updated on

ডিজিটেল সংবাদ, গৰৈমাৰীঃ লকডাউনৰ সময়ছোৱাত কৰ্মহীন হৈ পৰা প্ৰব্ৰজিত শ্ৰমিকসকলৰ সমস্যা সমাধানৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে কেইবা লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে৷ উক্ত পেকেজৰ অধীনত প্ৰব্ৰজিত শ্ৰমিকসকলক প্ৰতিমাহে পাঁচ হেজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ বাবে ট্ৰেড ইউনিয়ন কো-অৰ্ডিনেচন চেণ্টাৰ চমুকৈ টি ইউ চি চিৰ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক জিয়াউৰ ৰহমানে শুকুৰবাৰে কামৰূপ জিলাৰ উপায়ুক্তৰ জৰিয়তে ই-মেইলযোগে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in