/asomiyapratidin/media/media_files/2025/11/26/1-2025-11-26-17-04-46.jpg)
ডিজিটেল ডেস্কঃ পাকিস্তানৰ কাৰাৰুদ্ধ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পাকিস্তান তেহৰিক-ই-ইনছাফৰ মুৰব্বী ইমৰান খানৰ মুক্তিৰ দাবীত সমৰ্থকৰ এটা বিশাল দলে ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰৰ বাহিৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি কৰে।
এই জনসমাগমক 'সমৰ্থকৰ ছুনামি' বুলি আখ্যা দিছে, যিটোৱে বৰ্তমানৰ চৰকাৰৰ ওপৰত তীব্ৰ হেঁচা প্ৰয়োগ কৰিছে। এই প্ৰতিবাদৰ সময়ত পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ ঘটনা। অভিযোগ অনুসৰি, ইমৰান খানৰ ভগ্নীসকল ক্ৰমে আলীমা খান, উজমা খান আৰু নৰীন নিয়াজীক পুলিচে অমানৱীয়ভাৱে আক্ৰমণ কৰিছে।
তাৰোপৰি আদালতে সাক্ষাতৰ অনুমতি দিয়াৰ পিছতো ইমৰান খানৰ ভগ্নীসকলক এসপ্তাহ ধৰি তেওঁক লগ কৰিবলৈ দিয়া হোৱা নাছিল বুলিও অভিযোগ কৰে। ইয়াৰ প্ৰতিবাদত তেওঁলোকে আদিয়ালা কাৰাগাৰৰ বাহিৰত শান্তিপূৰ্ণভাৱে বহি প্ৰতিবাদ কৰিছিল।
প্ৰাপ্ত তথ্য অনুসৰি, শান্তিপূৰ্ণভাৱে বহি প্ৰতিবাদ কৰি থকাৰ সময়তে পুলিচ কৰ্মীয়ে, বিশেষকৈ মহিলা পুলিচ বিষয়াসকলে, জ্যেষ্ঠ ভগ্নীনৰীন নিয়াজীক চুলিত ধৰি মাটিত পেলাই দিয়ে আৰু ৰাজপথলৈ টানি নিয়ে। আন ভগ্নীসকলকো টনা-আজোৰা কৰা হয় আৰু তেওঁলোকৰ দুপাট্টা কাঢ়ি লোৱাৰো অভিযোগ উত্থাপন হৈছে।
নৰীন নিয়াজীয়ে অভিযোগ কৰে যে, ৭৪ বছৰ বয়সতো তেওঁক নিৰ্যাতন চলোৱা হ'ল আৰু এই ঘটনাৰ তদন্তৰ বাবে পাঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ এখন আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে। কাৰাগাৰ কৰ্তৃপক্ষৰ এই কাৰ্যক 'অমানৱীয়', 'বে-আইনী' আৰু 'অগণতান্ত্ৰিক' বুলি অভিহিত কৰিছে। তেওঁলোকে কাৰাগাৰৰ বাহিৰত পঞ্জাৱ চৰকাৰে 'সন্ত্ৰাসৰ শাসন' চলোৱা বুলিও অভিযোগ কৰে।
ইমৰান খানৰ মুক্তিৰ দাবীত প্ৰতিবাদকাৰী সকলে ইতিমধ্যে সমগ্ৰ দেশজুৰি 'ক'লা দিৱস' পালন কৰাৰ বাবেও আহ্বান জনাইছে। আনহাতে, ইমৰান খানে কাৰাগাৰৰ পৰা বাৰ্তা দিছে যে তেওঁৰ সমৰ্থকসকলে এতিয়া "স্বাধীনতা অথবা মৃত্যু"ৰ মাজত যিকোনো এটা বাছি ল'বলৈ সাজু হ'ব লাগিব। উল্লেখ্য যে এই ঘটনাই এতিয়া পাকিস্তানৰ অধিক ৰাজনীতিত উত্তেজনা বৃদ্ধি কৰা লগতে দেশজুৰি মানৱ অধিকাৰ উলংঘাৰ বিষয়টো পুনৰ চৰ্চালৈ আনিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us