চৌদি আৰৱৰ ৰিয়াধত থকা আমেৰিকাৰ দূতাবাসত ইৰানৰ আক্ৰমণ

মেৰিকা,ইজৰাইল,ইৰানৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে।

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল ডেস্কঃআমেৰিকা,ইজৰাইল,ইৰানৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। চৌদি আৰৱৰ ৰিয়াধত থকা আমেৰিকাৰ দূতাবাসত ইৰানে চলাইছে আক্ৰমণ।

উল্সোলেখযোগ্ময যে- সোমবাৰে নিশা ৰিয়াধত থকা আমেৰিকাৰ দূতাবাসত  এই আক্ৰমণ কৰে।  দুখন ড্ৰ’নেৰে এই আক্ৰমণ সংঘটিত কৰাৰ লগতে দূতাবাসত অগ্নিকাণ্ড সংঘটিত হৈছে বুলিও জানিব পৰা গৈছে। ইপিনে  আমেৰিকাৰ চোৰাংচোৱা সংস্থাই ইৰানে এই আক্ৰমণ সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে।

এই আক্ৰমণৰ পাছতে ড’নাল্ড ট্ৰাম্পেও সকিয়নী প্ৰদান কৰিছে। ট্ৰাম্পে আমেৰিকাৰ দূতাবাসত হোৱা আক্ৰমণৰ প্ৰতিশোধ লোৱা হ’ব বুলি হুংকাৰ প্ৰদান কৰিছে। লগতে কৈছে যে- ইয়াৰ প্ৰত্যুত্তৰ  ভয়াৱহ হ' ব ।

আমেৰিকাৰ দূতাবাসত ইৰানৰ আক্ৰমণ