/asomiyapratidin/media/media_files/2025/08/08/tarif-8-2025-08-08-15-21-01.jpg)
ডিজিটেল ডেস্কঃ ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত চলি থকা বাণিজ্যিক যুদ্ধই এক নতুন পৰ্যায়ত উপনীত হৈছে। দুয়ো দেশৰ মাজত বাণিজ্যিক যুদ্ধ অব্যাহত থকাৰ মাজতে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে স্পষ্টভাৱে কয় যে, ভাৰতৰ সৈতে চলি থকা বাণিজ্যিক আলোচনা শুল্কৰ সমস্যাৰ সমাধান নোহোৱা পৰ্যন্ত পুনৰ আৰম্ভ নহয়।
উল্লেখযোগ্য যে, চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা দুয়োদেশে দ্বিপাক্ষিক বাণিজ্য চুক্তি (BTA) সম্পৰ্কে আলোচনা অব্যাহত ৰাখিছে আৰু এতিয়ালৈকে ৫ খনকৈ বৈঠক অনুষ্ঠিত হৈছে। ষষ্ঠখন বৈঠকৰ বাবে আমেৰিকাৰ এটা প্রতিনিধি দল অহা ২৫ আগষ্টত ভাৰত ভ্ৰমণৰ বাবে সাজু হৈছিল। তাৰ পূৰ্বে বৃহস্পতিবাৰে এই মন্তব্য কৰে ট্ৰাম্পে।
৫০ শতাংশ শুল্ক: ভাৰতৰ ওপৰত শাস্তিমূলক ব্যৱস্থা
৩১ জুলাইত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে ‘Further Modifying The Reciprocal Tariff Rates’ শীৰ্ষক এক কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰি কৰি ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল।। তাৰ পিছতে পুনৰ ২৫ শতাংশ শুল্ক বৃদ্ধি কৰি মুঠ ভাৰতৰ ওপৰত মুঠ ২৫ শতাংশ শুল্ক আৰোপ কৰা হয়।
ভাৰতে ৰাছিয়াৰ পৰা কেঁচা তেল ক্ৰয় কৰাৰ বাবে আমেৰিকাই ভাৰতৰ ওপৰত অতিৰিক্তভাৱে ২৫ শতাংশ শুল্ক শাস্তি হিচাপে আৰোপ কৰা বুলি ট্ৰাম্পে ঘোষণা কৰিছে। ট্ৰাম্প চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতিক্ৰিয়া জনাই ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে আনুষ্ঠানিকভাৱে কয় যে, "এই সিদ্ধান্ত অন্যায়, অযুক্তিকৰ আৰু একপক্ষীয়।"
ভাৰতে যুক্তি দিছে যে, ৰাছিয়াৰ সৈতে ব্যৱসায় কৰা দেশৰ ভিতৰত চীন, ইউৰোপীয় সংঘ, তুৰ্কি, তথা আমেৰিকাও আছে, অথচ কেৱল ভাৰতক লক্ষ্য কৰি লোৱা হৈছে।
মোডীৰ স্পষ্ট বাৰ্তা: 'কৃষকৰ স্বাৰ্থ আমাৰ প্ৰথম অগ্ৰাধিকাৰ'
শুল্কক লৈ আমেৰিকাৰে সৃষ্টি হোৱা এনে এক পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্পষ্টকৈ এক অনুষ্ঠানৰ জৰিয়তে কয় যে, "ভাৰতে কৃষি, মৎস্যজীৱী আৰু দুগ্ধ উদ্যোগৰ স্বাৰ্থত কোনো ধৰণৰ বুজাবুজি নকৰে। ভাৰতৰ কৃষকসকল, মাছমৰীয়াসকলৰ স্বাৰ্থ আমাৰ প্ৰথম অগ্ৰাধিকাৰ।