নিৰ্বাচনত সৰু পুত্ৰই ভোট দিয়া নাছিল নেকি ডনাল্ড ট্ৰাম্পক...

নিৰ্বাচনত সৰু পুত্ৰই ভোট দিয়া নাছিল নেকি ডনাল্ড ট্ৰাম্পক...

author-image
Asomiya Pratidin
New Update
নিৰ্বাচনত সৰু পুত্ৰই ভোট দিয়া নাছিল নেকি ডনাল্ড ট্ৰাম্পক...

ডিজিটেল ডেস্কঃ ঐতিহাসিক বিজয়েৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ আসনত বহিল ডনাল্ড ট্ৰাম্প। দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি আসনত বহাৰ পাছতে ট্ৰাম্পক লৈ এতিয়া বিশ্বজুৰি নানান চৰ্চা। এই চৰ্চাবোৰৰ মাজতে চলিছে আন এক চৰ্চা। এই চৰ্চা হৈছে ট্ৰাম্পৰ সৰু পুত্ৰক কেন্দ্ৰ কৰি।

Advertisment

ট্ৰাম্পৰ সৰু পুত্ৰ বেৰেন ট্ৰাম্প বৰ্তমান নিউৰ্য়ক ইউনিভাৰচিটীৰ এগৰাকী ছাত্ৰ। এখন সংবাদ পত্ৰৰ সৈতে হোৱা এক সাক্ষাতকাৰত বেৰেন ট্ৰাম্পক সোধা হৈছিল যে, তেওঁ নিৰ্বাচনত কাক ভোট দিলে? এই প্ৰশ্নৰ উত্তৰত ট্ৰাম্প সৰু পুত্ৰই কয়- মই কোনো দলক সমৰ্থন নকৰো।

ট্ৰাম্প পুত্ৰৰ এই সাক্ষাতকাৰত পাছতে এতিয়া চৰ্চা হৈছে যে, নিৰ্বাচনত সৰু পুত্ৰই ভোট নিদিলে নেকি ট্ৰাম্পক। উল্লেখ কৰা প্ৰয়োজন যে, আমেৰিকাৰ ৰাজনীতিত ২০৪৪চনৰ নিৰ্বাচনত ৰাষ্ট্ৰপতিৰ আসনৰ বাবে বেৰেনে যুঁজ দিব বুলিও এক চৰ্চা চলি আছে। অৱশ্যে এই চৰ্চাক নুই নকৰিলে বেৰেন ট্ৰাম্পে।

ইফালে এক সূত্ৰই খবৰ প্ৰকাশ কৰিছে যে, দ্বিতীয়বাৰৰ বাবে ডনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ আঁৰত আছে বেৰেন ট্ৰাম্পৰ বহু ৰণকৌশল। যুৱ চামক আকৰ্ষিত কৰিবৰ বাবে বেৰেন ট্ৰাম্পে বহুকেইটা ৰণনীতি প্ৰস্তুত কৰিছিল। ট্ৰাম্পৰ এগৰাকী উপদেষ্টাও এই কথা এক সাক্ষাতকাৰত সদৰি কৰিছিল। ৰাষ্ট্ৰপতি নিৰ্বাচনত আমেৰিকাৰ যুৱচামক আকৰ্ষিত কৰিবৰ বাবে সামাজিক মাধ্যমত বিভিন্ন ৰণকৌশল তৈয়াৰ কৰিছিল বেৰেন ট্ৰাম্পে।

এই সকলোখিনি কৰাৰ পাছতো ১৮বছৰীয়া বেৰেন ট্ৰাম্পে কিয় কোনো দলক সমৰ্থন নকৰো বুলি কলেও সেয়া লক্ষ্যণীয়। বহুতৰ মতে, এটা সময়ত পিতৃ ডনাল্ড ট্ৰাম্পতকৈ অধিক শক্তিশালী নেতা হিচাপে বিবেচিত হ'ব বেৰেন ট্ৰাম্প।