/asomiyapratidin/media/media_files/2025/09/18/1c309147-8ce0-45bf-a274-db84d2ae5de3-2025-09-18-09-07-36.jpeg)
ডিজিটেল ডেস্কঃআমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিউয়ৰ্ক টাইমছৰ বিৰুদ্ধে ১৫ বিলিয়ন ডলাৰৰ মানহানি আৰু অপবাদৰ গোচৰ তৰিছে। ফ্ল’ৰিডাৰ এখন আদালতত দাখিল কৰা এই গোচৰত তেওঁ দাবী কৰিছে যে নিউয়ৰ্ক টাইমছৰ কেইবাটাও প্ৰবন্ধ আৰু চাৰিজন সাংবাদিকৰ ৰিপ’ৰ্টে তেওঁৰ ব্যৱসায়িক আৰু ব্যক্তিগত সুনামৰ ক্ষতি কৰিছে।
ট্ৰাম্পে তেওঁৰ সামাজিক মাধ্যম ট্ৰুথ ছ’চিয়েলত দাবী কৰিছে যে এই সংবাদপত্ৰখনে তেওঁৰ পৰিয়াল, ব্যৱসায় আৰু ‘মে'ক আমেৰিকা গ্ৰে'ট এগেইন’ আন্দোলনৰ বিৰুদ্ধে মিছা তথ্য প্ৰচাৰ কৰিছে। গোচৰত পেংগুইন ৰেণ্ডম হাউচৰ প্ৰকাশিত এখন কিতাপ ‘লাকী ল’জাৰ’ৰ উল্লেখ আছে, য’ত ট্ৰাম্পৰ আৰ্থিক সফলতাক প্ৰশ্নবিদ্ধ কৰা হৈছে।
নিউয়ৰ্ক টাইমছৰ মুখপাত্ৰই এই গোচৰক “ভিত্তিহীন” বুলি কৈছে আৰু সংবাদপত্ৰখনে স্বাধীন সাংবাদিকতা অব্যাহত ৰাখিব বুলি উল্লেখ কৰিছে। ট্ৰাম্পৰ এই আইনী পদক্ষেপ তেওঁৰ সংবাদ মাধ্যমৰ বিৰুদ্ধে চলি থকা আক্ৰমণৰ অংশ বুলি বিশ্লেষকসকলে মন্তব্য কৰিছে।