/asomiyapratidin/media/media_files/2025/09/03/ikkk-2025-09-03-11-19-20.jpg)
ডিজিটেল ডেস্কঃভাৰতৰ শুল্ক নীতি আৰু ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কক লৈ পুনৰ সৰৱ হ’ল মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। সোমবাৰে তেওঁ নিজৰ ছ’চিয়েল মিডিয়া পোষ্টত দাবী কৰে যে ভাৰতে শুল্ক শূন্যলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছে, কিন্তু এতিয়া “বহুত দেৰি হৈছে।” ট্ৰাম্পে এনে পদক্ষেপক “একপক্ষীয় বিপৰ্যয়” বুলি অভিহিত কৰে।
উল্লেখ্য যে টিয়ানজিনত অনুষ্ঠিত এছ চি অ’ শীৰ্ষ সন্মিলনৰ সময়তে সোমবাৰে বৈঠকত মিলিত হৈছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। সেই সময়তে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ড’নাল্ড ট্ৰাম্পে। আমেৰিকাৰ ৰাষ্ট্ৰপতিজনে লিখিছে, “ভাৰতে আমাৰ ওপৰতসৰ্বোচ্চ শুল্ক আৰোপ কৰিছে। আমাৰ ব্যৱসায়ীসকলে ভাৰতৰ বজাৰত প্ৰৱেশ কৰিব পৰা নাই। এয়া একপক্ষীয় দুৰ্যোগ যিটো দশক দশক ধৰি চলি আহিছে।
তেওঁ লগতে কয় যে ভাৰতে মূলতঃ ৰাছিয়াৰ পৰা তেল আৰু সামৰিক সঁজুলি ক্ৰয় কৰে, ইয়াৰ বিপৰীতে আমেৰিকাৰ পৰা অতি কম সঁজুলি ক্ৰয় কৰে। একে সময়তে ফক্স নিউজত ভাৰতক সমালোচনা কৰে হোৱাইট হাউছৰ উপদেষ্টা পিটাৰ নাভাৰোৱেও। তেওঁ কয়, ভাৰত ক্ৰেমলিনৰ বাবে কাপোৰ ধোৱা মেচিনৰ দৰে কাম কৰি আছে।
মোডী এজন মহান নেতা কিন্তু মই বুজি নাপাওঁ যে তেওঁ কিয় বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ নেতা, পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ লগত হাত মিলাইছে। ভাৰতীয় জনসাধাৰণে বুজি পায় যে কিছুমান ব্ৰাহ্মণে জনসাধাৰণৰ মূল্যত লাভৱান হৈছে।” লক্ষণীয়ভাৱে, ‘ব্ৰাহ্মণ’ শব্দটোৰ ওপৰত নাভাৰোৰ মন্তব্য আক্ষৰিক অৰ্থ নে অভিজাত অভিপ্ৰায় সেয়া স্পষ্ট নহয়। তাৰ মাজতে ট্ৰাম্পৰ বক্তব্যই ভাৰত-আমেৰিকাৰ বাণিজ্য আৰু কূটনৈতিক সম্পৰ্কত শেহতীয়া উত্তেজনা আৰু অধিক বৃদ্ধি কৰিছে।