/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/442a961c-d119-48e5-b415-a44fd6159313/22.jpg)
ডিজিটেল ডেস্কঃ অতি আগ্ৰাসী নেতা হিচাপে পৰিচিত প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ২০১৬ চনত ড’নাল্ড ট্ৰাম্প প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ পাছতে ভাৰতৰ বিভিন্ন নীতিক লৈ আপত্তি প্ৰকাশ কৰিছিল ট্ৰাম্পে। পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হোৱা লগে লগে ভাৰতক লক্ষ্য কৰি লৈছে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে।
বিগত সপ্তাহত মিচিগানত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত চীনৰ প্ৰসংগক লৈ ট্ৰাম্পে ভাৰতৰ অৰ্থনৈতিক নীতিক তীব্ৰ সমালোচনা কৰে। ট্ৰাম্পে কয় যে, ভাৰতে হাৰ্লি ডেভিডছনৰ ক্ষেত্ৰত ২০০ শতাংশ শুল্ক আৰোপ কৰাৰ বাবে ব্ৰেণ্ডটোৱে ভাৰতত বাইক বিক্ৰী কৰিব নোৱাৰিলে। ভাৰতত কোম্পানীটোৱে লোকচানৰ সন্মুখীন হোৱা একমাত্ৰ কাৰণ ২০০ শতাংশ শুল্ক। হাৰ্লি ডেভিডছনৰ স্বত্বাধিকাৰীয়ে মোক হোৱাইট হাউছত এই সন্দৰ্ভত জনাইছিল। এই বিষয়ে জানি মই বৰ হতাশ হৈ পৰিছিলো।
হাৰ্লি-ডেভিডছন হৈছে বিশ্বৰ এক সুপৰিচিত বাইক কোম্পানী। কোম্পানীটোৰ বাইকৰ মূল্য লক্ষাধিক টকা লগতে ধনী মানুহৰ মাজত বাইকখন অতি জনপ্ৰিয়। ২০১৮ চনত কোম্পানীটোৱে ভাৰতত ৫ ৰ পৰা ৫০ লাখ টকাৰ বাইক মুকলি কৰিছিল যদিও ভাৰতত এই ব্যৱসায় একেবাৰে বেয়া বুলি ট্ৰাম্পক জনাইছিল হাৰ্লি ডেভিডছনৰ স্বত্বাধিকাৰীয়ে।
ট্ৰাম্পে ভাৰতক উদ্দেশ্যি প্ৰশ্ন কৰে যে, ২০০ শতাংশ শুল্ক ৰ প্ৰয়োজন কি? বাইক বিক্ৰীৰ বাবে কিয় ইমান কৰ আৰোপ কৰিছে? আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে, মই হাৰ্লি ডেভিডছনৰ স্বত্বাধিকাৰীক কৈছিলো যে যদি ২০০ শতাংশ শুল্ক আৰোপ কৰা হয় তেন্তে আপুনি তাত বাইক বিক্ৰী কৰিব নোৱাৰিব। কিন্তু ইতিমধ্যেই ভাৰতে হাৰ্লি ডেভিডছনক এটা প্লাণ্ট স্থাপন কৰিবলৈ আমন্ত্ৰণ জনাইছিল আৰুকোম্পানীটোৱে প্লাণ্ট নিৰ্মাণৰ কৰি আৰম্ভ কৰিছে।
এই সমগ্ৰ ঘটনাক লৈ মই ভাৰতক জগৰীয়া নকৰো। এইবোৰৰ বাবে মই দায়ী। কিন্তু এতিয়াৰ পৰা এনে নহয়। উল্লেখ্য যে, ২০১৮ চনত ট্ৰাম্পে এই বাইকসমূহৰ ওপৰত ভাৰতে ৬০-৭৫% কৰ আৰোপ কৰাটো ভুল বুলি কোৱা পাছতে প্ৰধানমন্ত্ৰীয়ে মোডীয়ে কৰ ৫০% লৈ হ্ৰাস কৰিছিল।
আনকি ২০১৯ চনতো ট্ৰাম্পে কৈছিল যে, ভাৰতে আমেৰিকাৰ মটৰ চাইকেলৰ ৰপ্তানি শুল্ক ১০০ শতাংশৰ পৰা ৫০ শতাংশলৈ হ্ৰাস কৰিছে, কিন্তু এইটো এতিয়াও অতি বেছি আৰু ইয়াক মানি ল’ব নোৱাৰি। লগতে ট্ৰাম্পে কৈছিল যে আমি মূৰ্খ নহয়। নৰেন্দ্ৰ মোডী মোৰ অতি ভাল বন্ধু। আপুনি দেখিছে তেওঁ কি কৰিলে? মটৰ চাইকেলত ১০০% কৰ আৰোপ কৰিছে কিন্তু আমি তেওঁলোকৰ ওপৰত কোনো ধৰণৰ কৰ আৰোপ নকৰো।
মোডীয়ে মোৰ এটা ফোনত ৫০% কৰ হ্ৰাস কৰিছে। কিন্তু সেয়াও গ্ৰহণযোগ্য নহয়। ভাৰতে ইয়াৰ ওপৰত কাম কৰি আছে। অৱশ্যে ইকনমিক টাইমছে ২০১৮ চনৰ প্ৰতিবেদনত কৈছিল যে হাৰ্লি ডেভিডছনক ভাৰতৰ অধিক প্ৰয়োজন। কাকতখনে বিশ্বৰ বহু দেশত হাৰ্লি ডেভিডছনৰ বিক্ৰী হ্ৰাস পোৱাৰ কথা কৈছিল।
বাতৰি কাকতৰ প্ৰতিবেদন অনুসৰি যেতিয়া ট্ৰাম্পে ভাৰতৰ ওপৰত ১০০ শতাংশ ৰপ্তানি শুল্ক আৰোপ কৰাৰ কথা কৈছিল তেতিয়া কৰ আছিল ৭৫ শতাংশ। যেতিয়া ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল তেতিয়া ভাৰতত হাৰ্লি ডেভিডছন কোম্পানীৰ বজাৰ অংশীদাৰিত্ব হ্ৰাস পাইছিল। ২০১৩ চনত ভাৰতত কোম্পানীটোৰ অংশীদাৰিত্ব আছিল ৯২ শতাংশ। ২০১৮ চনত ই ৫৬ শতাংশলৈ হ্ৰাস পাইছিল। উল্লেখ্য যে, ট্ৰাম্প-মোডীৰ আলোচনা সন্দৰ্ভত প্ৰকাশিত বিবৃতিত হাৰ্লি ডেভিডছনৰ কোনো উল্লেখ নাছিল।
Also Read: বিৰুবাৰীৰ ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণত আহত এগৰাকি মহিলাৰ GMCH ত মৃত্যু...