/asomiyapratidin/media/media_files/2025/11/13/208-2025-11-13-08-18-48.jpg)
ডিজিটেল ডেস্ক : বিশ্বৰ আগশাৰীৰ সংবাদ গোষ্ঠী বি বি চিৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিড’নাল্ড ট্ৰাম্প। ৰাষ্ট্ৰপতি ট্ৰাম্পে সংবাদ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ৮,৪০০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰাৰ ভাবুকি প্ৰদান কৰিছে।
এখন তথ্যচিত্ৰত ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণ সম্পাদনা কৰাত ক্ষুব্ধ হৈ পৰা ট্ৰাম্পৰ অধিবক্তাই বি বি চিলৈ আইনী জাননী প্ৰেৰণ কৰিছে। বি বি চিয়ে ক্ষমাভিক্ষা নুখুজিলে গোচৰ তৰা হ’ব বুলি জাননীখনত উল্লেখ কৰিছে।
একেদৰে জাননীখনত আৰ্থিক ক্ষতিপূৰণৰ কথাও সন্নিৱিষ্ট কৰা হৈছে। প্ৰণিধানযোগ্য যে, ২০২৪চনত মুক্তি পোৱা তথ্যচিত্ৰখনত ট্ৰাম্পে ২০২১ৰ ৬জানুৱাৰীত দিয়া ভাষণ সম্পাদনা কৰি প্ৰচাৰ কৰিছিল বি বি চিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us