/asomiyapratidin/media/media_files/2025/09/26/vcvcvcfgdrf-2025-09-26-19-33-35.jpg)
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ড’নাল্ড ট্ৰাম্পে ১ অক্টোবৰৰ পৰা ব্ৰেণ্ডেড আৰু পেটেণ্টযুক্ত ঔষধৰ আমদানিৰ ওপৰত ১০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে। ট্ৰাম্পৰ শেহতীয়া এই সিদ্ধান্তই ভাৰতৰ ফাৰ্মাচিউটিকেল খণ্ডত গভীৰ প্ৰভাৱ পেলাব বুলি আশঙ্কা প্ৰকাশ কৰা হৈছে।
সমগ্ৰ বিষয় সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সদৰী কৰে যে, “যদিহে কোনো কোম্পানীয়ে আমেৰিকাত তেওঁলোকৰ ফাৰ্মাচিউটিকেল মেনুফেকচাৰিং প্লাণ্ট নিৰ্মাণ নকৰে, তেনে ১ অক্টোবৰৰ পৰা আমি যিকোনো ব্ৰেণ্ডেড বা পেটেণ্টযুক্ত ফাৰ্মাচিউটিকেল প্ৰডাক্টৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিম।”
ইফালে, এই ঘোষণাৰ পিছতে শুকুৰবাৰে ভাৰতীয় ঔষধৰ মজুতত তীব্ৰ লোকচান হয়। ছান ফাৰ্মাই ৫২ সপ্তাহৰ নিম্নতম স্তৰ ১৫৪৭ টকাত উপনীত হয়, যিটো পূৰ্বৰ বন্ধৰ তুলনাত ৫% হ্ৰাস। একেদৰে বায়’কন ৩.৩% হ্ৰাস পাই ৩৪৪ টকা হোৱাৰ বিপৰীতে জাইডাছ লাইফছায়েন্সেছ ২.৮% হ্ৰাস পাই ৯৯০ টকা হয়।
উল্লেখযোগ্য যে, ভাৰতীয় ঔষধ উদ্যোগ আমেৰিকাৰ ওপৰতে সৰ্বাধিক নিৰ্ভৰশীল। বিগত বৰ্ষত ভাৰতৰ ঔষধ ৰপ্তানিৰ মূল্য ১২.৭২ বিলিয়ন মাৰ্কিন ডলাৰ আছিল। যাৰ ফলত ই দেশৰ সৰ্ববৃহৎ ঔদ্যোগিক ৰপ্তানি খণ্ড হিচাপে পৰিগণিত হৈছিল। ইয়াৰ আগলৈ আমেৰিকাৰ স্বাস্থ্যসেৱা ব্যৱস্থাত ভাৰতীয় ঔষধ কোম্পানীসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল।