Advertisment

বিমান বাতিল! ট্ৰাম্পৰ কঠোৰ আদেশত আমেৰিকাত এতিয়া থৰহৰি কম্পমান শৰণাৰ্থী...

আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব লোৱাৰ পাছতে অধিক কঠোৰ ৰূপত দেখা গৈছে ট্ৰাম্পক। দায়িত্ব লৈয়ে বহুকেইটা নতুন নীতিৰ প্ৰৱৰ্তনৰ লগতে বৃহত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছিল।

author-image
Asomiya Pratidin
New Update
কঠোৰ ট্ৰাম্প

কঠোৰ ট্ৰাম্প Photograph: (কঠোৰ ট্ৰাম্প)

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব লোৱাৰ পাছতে অধিক কঠোৰ ৰূপত দেখা গৈছে ট্ৰাম্পক। দায়িত্ব লৈয়ে বহুকেইটা নতুন নীতিৰ প্ৰৱৰ্তনৰ লগতে বৃহত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰ ভিতৰত আছিল অনুপ্ৰৱেশ নীতি, সীমান্ত নিৰাপত্তা, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, পৰিৱেশ নীতি, চৰকাৰী ব্যয় কৰ্তনৰ ব্যৱস্থা আদি।

Advertisment

দায়িত্ব লোৱাৰ এদিনৰ পাছতে অনুপ্ৰৱেশ নীতিক লৈ অধিক কঠোৰ হ'ল ট্ৰাম্প চৰকাৰ। মঙলবাৰে হোৱাইছ হাউচ কৰ্তৃপক্ষই ১৬৬০গৰাকী আফগান ব্যক্তিৰ বিমানৰ টিকট বাতিল কৰে। এই লোকসকলৰ ভিতৰত আমেৰিকান সেনাত কৰ্মৰত সেনাৰ পৰিয়ালৰ লোকো আছে বুলি প্ৰকাশ কৰিছে সংবাদমাধ্যমে।

ট্ৰাম্পৰ এই কঠোৰ স্থিতিৰ বাবে এতিয়া আমেৰিকাত হাজাৰ হাজাৰ শৰণাৰ্থীৰ ভৱিষ্যতলৈ নামি আহিছে অন্ধকাৰ। উল্লেখ কৰা প্ৰয়োজন যে, ট্ৰাম্প প্ৰশাসনে নিজৰ কাৰ্যবাহী আদেশৰ জৰিয়তে অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰা ৩০ হাজাৰ অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়নৰ নিৰ্দেশ দিয়ে।

ট্ৰাম্পৰ মতে, ইয়াৰ দ্বাৰা আমেৰিকাৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু আইন-শৃংখলা উন্নত কৰাত সহায়ক হ’ব। লক্ষ্যণীয় যে, নিজৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণ কৰি ট্ৰাম্পে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰকাশ কৰা মতে, তেওঁৰ প্ৰশাসনে শীৰ্ষ অনুপ্ৰৱেশ কৰ্তৃপক্ষৰ জৰিয়তে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ আইন বলবৎ কৰিব। এই পদক্ষেপ আমেৰিকানসকলৰ সুৰক্ষা আৰু দেশৰ কল্যাণৰ বাবে  অতি প্ৰয়োজনীয় বুলিও মন্তব্য কৰে ট্ৰাম্পে। এই নীতিসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ট্ৰাম্পে কঠোৰতা আৰু ৰাষ্ট্ৰীয় আগ্ৰহৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰিছে।

ৰাষ্ট্ৰপতিৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ সীমান্তত জৰুৰী অৱস্থা ঘোষণা কৰি মেক্সিকান সীমান্তত দেৱাল নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰে। তেওঁ নিজৰ প্ৰশাসনৰ বিষয়াসকলক সীমান্ত নিৰাপত্তা আৰু অধিক শক্তিশালী কৰাৰ লগতে অবৈধ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ নিৰ্দেশ দিয়ে।

 

আমেৰিকা