কোকৰাঝাৰত ত্ৰিৰংগা ৰেলীঃ মন্ত্ৰী ইউ জি ব্ৰহ্মই কৰিলে ফ্লেগ অফ

স্বাধীনতা দিৱস উপলক্ষে আজি কোকৰাঝাৰত ত্ৰিৰংগা ৰেলী বাহিৰ কৰা হয়। কোকৰাঝাৰৰ বডোফা শিশু উদ্যানৰ পৰা বাহিৰ হোৱা উক্ত ত্ৰিৰংগা ৰেলীৰ ফ্লেগ অফ কৰে ইউ জি ব্ৰহ্মই।

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত ত্ৰিৰংগা ৰেলীঃ মন্ত্ৰী ইউ জি ব্ৰহ্মই কৰিলে ফ্লেগ অফ

ডিজিটেল সংবাদ কোকৰাঝাৰঃ স্বাধীনতা দিৱস উপলক্ষে আজি কোকৰাঝাৰত ত্ৰিৰংগা ৰেলী বাহিৰ কৰা হয়। কোকৰাঝাৰৰ বডোফা শিশু উদ্যানৰ পৰা বাহিৰ হোৱা উক্ত ত্ৰিৰংগা ৰেলীৰ পতাকা জোকাৰি শুভৰাম্ভ কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। 

Advertisment

কেবাশতাধিক লোকে অংশগ্ৰহণ কৰা উক্ত ৰেলীয়ে সদৰ চহৰ পৰিভ্ৰমণ কৰি কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী খেলপথাৰত ৰেলীৰ সমাপ্ত কৰে। ৰেলীত অংশ লোৱা লোকসকলে দেশপ্ৰেমমূলক ধ্বনি দি সদৰ চহৰৰ আকাশ, বতাহ মুখৰিত কৰি তোলে। 

ইপিনে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই শক্তিশালী, বিকশিত ভাৰত নিৰ্মাণত সকলোকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। শুকুৰবাৰে স্বাধীনতা দিৱস গাঁৱে-ভূঞে উদযাপন কৰা হ'ব আৰু সেয়া বিশ্বই প্ৰত্যক্ষ কৰিব বুলি মন্তব্য কৰি উৰ্খাও গৌৰা ব্ৰহ্মই স্বাধীন আৰু সতন্ত্ৰ ভাৰত নিৰ্মাণ হোৱা বুলি উল্লেখ কৰে। 

আজিৰ ত্ৰিৰংগা ৰেলীত বিধায়ক লৰেঞ্চ ইছলাৰী, কোকৰাঝাৰ পৌৰনিগমৰ অধ্যক্ষা প্ৰতিভা ব্ৰহ্ম আদিকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰে।

কোকৰাঝাৰ