/asomiyapratidin/media/media_files/2025/09/03/silchar-3-2025-09-03-17-09-21.jpg)
ডিজিটেল সংবাদ শিলচৰ: চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাক নিচামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ অভিযান তীব্ৰতৰ কৰি তুলিছে ৰাজ্যখনৰ আৰক্ষীয়ে। প্ৰতিদিনে ড্ৰাগছ আৰু গাঞ্জাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সমান্তৰালকৈ অবৈধ গাঞ্জা খেতিও ধ্বংস কৰিছে আৰক্ষীয়ে।
ত্ৰিপুৰাৰ ছেপাহী জিলাৰ বিভিন্ন স্থানত আৰক্ষী, বি এছ এফ আৰু ত্ৰিপুৰা ষ্টেট ৰাইফলছে যুটীয়া অভিযান চলাই কেইবা শ একৰ ভূমিত কৰা অবৈধ গাঞ্জাখেতি ধ্বংস কৰে। ত্ৰিপুৰা আৰক্ষীৰ এক সূত্ৰই সদৰি কৰা মতে, জিলাখনৰ বিশ্ৰামগঞ্জ থানা এলেকাৰ ৰামনগৰ পুৰণি পাগলাবাৰী বনাঞ্চলত প্ৰায় ২ লাখ ৪০ হাজাৰ, সোণামুৰা থানা এলেকাৰ বিজয় নগৰ খাতামুৰা বনাঞ্চলত ৩৫ একৰ ভূমিৰ প্ৰায় ২ লাখ ২৮ হাজাৰ অবৈধ গাঞ্জাৰ গছ ধ্বংস কৰা হয়।
সেইদৰে, যাত্ৰাপুৰ থানা এলেকাৰ দক্ষিণ মহেশপুৰ আৰু কাঠালিয়াত ২ লাখ আৰু কালিখোলা এলেকাত ১ লাখ গাঞ্জাৰ গছপুলি ধ্বংস কৰা হয়।