কাৰাৰক্ষীক আক্ৰমণ কৰি ত্ৰিপুৰাৰ ধৰ্মনগৰ জে'লৰ পৰা ৬ কুখ্যাত অপৰাধীৰ পলায়ন

ছয় জনকৈ অপৰাধী জে'লৰ পৰা পলায়ন কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ত্ৰিপুৰাত। ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষীৰ শীৰ্ষ বিষয়া সকলে জে'লত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

author-image
Asomiya Pratidin
New Update
SDSDSDSDTTUJY

ডিজিটেল সংবাদ শিলচৰ: চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। কৰ্তব্যৰত এগৰাকী কাৰাৰক্ষীক দলবদ্ধ আক্ৰমণ কৰি একেলগে ৬ জন  কুখ্যাত অপৰাধীয়ে জে'লৰ পৰা পলায়ন কৰিছে। জে'লৰ মূল গেট খুলি অপৰাধী কেইজন পলায়ন কৰা সমগ্ৰ দৃশ্য বন্দী হৈছে জে'লৰ ভিতৰত থকা চিচিটিভি কেমেৰাত। 

চাঞ্চল্যকৰ এই ঘটনা সংঘটিত হৈছে ত্ৰিপুৰাৰ ধৰ্মনগৰ কালীকাপুৰস্থিত চাব জে'লত (উপ কাৰাগাৰ) বুধবাৰে ৰাতিপুৱা ৬ বজাত। প্ৰথমে এগৰাকী অপৰাধীয়ে পিন্ধি থকা গামোচা খনেৰে কাৰাৰক্ষী জনৰ ডিঙিত চেপি ধৰে। তাৰ পিছত বাকী কেইজন অপৰাধীয়ে দলবদ্ধ ভাবে কাৰাৰক্ষী জনক আক্ৰমণ কৰি গুৰুতৰ আহত কৰি জে'লৰ গেট খুলি পলাই যায়। 

পলায়ন কৰা অপৰাধী কেইজন কুখ্যাত ডকাইত নাজিম উদ্দিন,ৰহিম আলী, সুনীল দেৱবৰ্মা, নাৰায়ণ দত্ত, ৰোছন আলী আৰু আব্দুল পাট্টা বুলি জানিব পৰা গৈছে। ইয়াৰে নাৰায়ণ দত্ত বাংলাদেশৰ আৰু আব্দুল পাট্টা অসমৰ শ্ৰীভূমি জিলাৰ নিলামবাজাৰৰ আৰু বাকী কেইজন ত্ৰিপুৰাৰ। প্ৰত্যেকজন অপৰাধীৰ বিৰুদ্ধে আছে কেইবাটাও ফৌজদাৰী মোকৰ্দমা। ইয়াৰ ভিতৰত সুনীল দেৱবৰ্মা হত্যা গোচৰৰ আচামী।   
      
ইফালে, ছয় জনকৈ অপৰাধী জে'লৰ পৰা পলায়ন কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ত্ৰিপুৰাত। ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষীৰ শীৰ্ষ বিষয়া সকলে জেলত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। প্ৰতিখন থানাতে ফটো প্ৰেৰণ কৰি অপৰাধী কেইজনৰ সন্ধান উলিয়াবলৈ নিৰ্দেশ দিয়া হৈছে।

ত্ৰিপুৰা