/asomiyapratidin/media/media_files/2025/12/18/web-2-1-2025-12-18-19-07-47.jpg)
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ শামলী জিলাত সংঘটিত হৈছে শিহৰণকাৰী ঘটনা। এজন ধৰ্মান্ধ স্বামীয়ে নিজ পত্নী আৰু দুই কন্যাক গুলীয়াই হত্যা কৰাৰ এক জঘন্য ঘটনা পোহৰলৈ আহিছে। আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰী ফাৰুকক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত হত্যাকাণ্ডত ব্যৱহাৰ কৰা মাৰাত্মক অস্ত্ৰও উদ্ধাৰ কৰিছে।
আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পাইছে যে, হত্যাকাৰী ফাৰুক ধৰ্মৰ প্ৰতি ইমানেই কঠোৰপন্থী আছিল যে তেওঁ বিগত ১৮ বছৰে নিজৰ পত্নীৰ আধাৰ কাৰ্ড বা ৰেচন কাৰ্ড বনাবলৈ দিয়া নাছিল। ইয়াৰ একমাত্ৰ কাৰণ আছিল কাৰ্ড বনালে পত্নীৰ ফটো উঠাব লাগিব, যিটো ফাৰুকে নিবিচাৰিছিল।
শামলীৰ আৰক্ষী অধীক্ষকে জনোৱা মতে, ফাৰুকে নিজৰ পত্নী তাহাৰাক বিগত ১৮ বছৰে সদায় বোৰ্খা আৰু নকাবৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছিল। আনকি পত্নীয়ে পিতৃগৃহলৈ যাবলগীয়া হ'লেও আন কাৰো নজৰত নপৰিবলৈ তেওঁ বিশেষ বাহন বুক কৰি দিছিল। তাতোকৈ আচৰিত কথাটো হ'ল, নিজৰ শাহু-শহুৰেক ঘৰলৈ আহিলেও ফাৰুকে তেওঁৰ পত্নীক নিজৰ পিতৃৰ সৈতেও দেখা কৰিবলৈ নিদিছিল।
ফাৰুকে আৰক্ষীক জনোৱা মতে, তেওঁৰ পত্নী তাহাৰাই প্ৰায়েই তেওঁৰ সৈতে কাজিয়া কৰিছিল আৰু নিজৰ ধৰণে ঘৰখন চলাব বিচাৰিছিল। ফাৰুকৰ বাবে পত্নীয়ে কৰা আটাইতকৈ ডাঙৰ অপৰাধ আছিল, প্ৰায় এমাহ পূৰ্বে তাহাৰাই বোৰ্খা নিপিন্ধাকৈয়ে নিজৰ পিতৃগৃহলৈ গৈছিল। ফাৰুকৰ মতে, ইয়াৰ ফলত সমাজত তেওঁৰ সন্মান ধূলিসাৎ হৈছিল।
সেই খঙতে বিগত ১০ ডিচেম্বৰৰ মাজনিশা প্ৰায় ১২ বজাত ফাৰুকে হত্যাৰ ভয়ংকৰ পৰিকল্পনা কৰে। পাকঘৰত কাম কৰি থকা অৱস্থাত ফাৰুকে তাহাৰাক গুলীয়াই হত্যা কৰে। গুলিৰ শব্দ শুনি টোপনিৰ পৰা সাৰ পাই ফাৰুকৰ জ্যেষ্ঠ কন্যা আফৰিন লৰি অহাত নিজৰ কন্যাকো গুলীয়াই থিতাতে নিধন কৰে।
ইয়াৰ পাছতে আনগৰাকী কন্যাচাহৰিনো সাৰ পাই লৰি অহাত হত্যাকাৰী পিতৃয়ে চাহৰিনৰ ডিঙি চেপি হত্যা কৰে। আৰক্ষীয়ে ফাৰুকৰ তথ্যৰ ভিত্তিত, ৩টা দেশী পিষ্টল, ৭টা গুলিৰ খোখা আৰু ১০টা সজীৱ গুলি জব্দ কৰিছে।
উল্লেখ্য যে, ফাৰুক পেছাত বিয়া-সবাহ আদিত খাদ্য প্ৰস্তুত কৰা এগৰাকী ৰান্ধনী। তেওঁৰ পৰিয়ালত পত্নী তাহাৰাৰ লগতে পাঁচ সন্তান আফৰিন (১৪), আচমিন (১০), চাহৰিন (৭), বিলাল (৯) আৰু আৰ্ছাদ (৫)। ইয়াৰ ভিতৰত তিনি সন্তান পিতৃ ফাৰুকৰ পৈশাচিকতাৰ বলি হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us